পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ সম্পন্ন

0 262

গুৱাহাটী মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত যোৱা ২৬ আগষ্টত “From ballot box top EVMS : Challange before the election commission of India” শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ অনুষ্ঠিত হয়।
 
 
 
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ড০ মইনুল হক চৌধুৰীয়ে আঁতধৰা ৱেবিনাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰাণা শৰ্মাই। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ গগণজ্যোতি বৰাই ৱেবিনাৰখধৰ আৰম্ভণীতে অংশ গ্ৰহণকাৰীসকলক আদৰণি জনায়। ৱেবিনাৰখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক বিকাশ ত্ৰিপাঠিয়ে ভাষণ প্ৰসঙ্গত উক্ত বিষয় সন্দৰ্ভত এক মননশীল পৰ্যালোচনা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.