পশ্চিম ঢেকিয়াজুলী আঞ্চলিক আছুৰ প্ৰশংসনীয় পদক্ষেপ

0 235

মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে,অকনি সহানুভূতিৰে ভাবিব কোনেনো কোৱা” সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এই গীতকে সৰোগত কৰি পশ্চিম ঢেকিয়াজুলী আঞ্চলিক ছাত্ৰ, মাজ ৰৌমাৰি শাখা ছাত্ৰ সন্থাৰ লগতে সু-হৃদ ৰাইজে সহায়ৰ হাত আগবঢ়ালে এগৰাকী দুৰ্ঘটনাত আহত ব্যক্তিক ।
উল্লেখযোগ্য যে সমাজকৰ্মী অৰুন নাথৰ পুত্ৰ পল নাথ এক পথ দুৰ্ঘটনাত আহত হৈ গুৱাহাটী স্থিত GNRC হস্পিতালৰ ICU ত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল।চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱ দেখি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বহু সু-হৃদ ব্যক্তি সকলে দান-বৰঙণি তুলি দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হোৱা ব্যক্তিজনক নগদ ১১০০০(এঘাৰ হেজাৰ ) টকা প্ৰদান কৰে। পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.