পাম খেতি উত্তৰ পূবৰ বাবে সম্পদ নে বিপদ!

0 587

বিগত বৰ্ষৰ ২৩ জুলাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাম তেল কৃষিকৰ্ম বাবে আহ্বান জনাইছিল।পাম তেলৰ কৃষিকৰ্মৰ বাবে উত্তৰ পূৱৰ লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জক বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰিছিল।পাম তেলৰ খেতি ব্যৱসায়ীকৰণ বাবে ১১ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে।ইয়াৰে ৯০শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ১০শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব।প্ৰসংগক্ৰমে উল্লেখযোগ্য অৰুণাচলপ্ৰদেশ,অসম,মণিপুৰ,মেঘালয়,মিজোৰাম,নাগালেণ্ড,ত্ৰিপুৰাত সম্প্ৰতি ৩৮,৯২২ হেক্টৰ মাটিত পাম খেতি হৈ আছে।
প্ৰশ্ন হয়, পাম খেতিৰ কাৰণে অসম তথা উত্তৰ পূৱৰ মাটি কিমান উপযোগী? একাংশই মত প্ৰকাশ কৰা দৰেই পাম খেতিয়ে উত্তৰ পূৱৰ জৈৱ বৈচিত্ৰ্যলৈ অশনি সংকেত কঢ়িয়াব নেকি অথবা থলুৱাভাৱে তথা পৰম্পৰাগতভাৱে কৰা কৃষিকৰ্মলৈ প্ৰত্যাহ্বান আনিব নেকি!
এই সম্পৰ্কে আমি কথা পাতিছিলো কৃষিবিজ্ঞানী কিশোৰ শৰ্মাৰ সৈতে..তেখেতে কয় যে পূৰ্বৰ পৰা পাম খেতি উত্তৰ পূবত হৈ আছে।পাহাৰৰ পাদদেশত থকা ঠাই যেনে কাৰ্বি আলং, অৰুণাচলৰ পাচীঘাট আদি এই খেতিৰ বাবে উপযোগী।বিশেষকৈ বৰষুণ দিলে পানী জমা নোহোৱা ঠাইৰ মাটি পাম খেতিৰ বাবে লাভজনক । আচলতে এই পাম নো কি? পাম হ’ল এবিধ টকৌ ,তাল অথবা চেৰা জাতীয় গছ।পাম গছৰ খেতি হোৱা ঠাইত সচৰাচৰ বেলেগ খেতি নহয়।
চৰকাৰে ইতিমধ্যে পাম উদ্যোগ স্থাপনৰ বাবে মিজোৰাম আৰু অৰুণাচল প্ৰদেশত যো জা চলাইছে।স্মৰ্তব্য যে বছৰি ভাৰতলৈ বিদেশৰ পৰা বুজন পৰিমাণ পাম তেল আমদানী হয়।এই পাম তেল খোৱাৰ লগতে প্ৰসাধন,টয়লেট চ`প,পলিমাৰ আদিত ব্যৱহাৰ হৈ আহিছে।অনাগত দিনতহে লক্ষণীয় হৈ ৰ`ব পাম খেতি উত্তৰ পূবৰ বাবে সম্পদ নে বিপদ!

Leave A Reply

Your email address will not be published.