স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত পূৰ্বোত্তৰ স্বাভিমান উৎসৱ উদযাপন কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অৱদানক উদযাপন কৰা উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ভাৰতীয় ৰাষ্ট্ৰবাদ বৃদ্ধিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা আৰু বিশ্বব্যাপী সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত ভাৰতৰ উত্থানৰ চালিকা শক্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ কেনেদৰে বিকাশ ঘটিছে সেই বিষয়েও আলোকপাত কৰাৰ বাবেও এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিদেশী আধিপত্য পৰা দেশখনক মুক্ত কৰাৰ বাবে স্বাধীনতা সংগ্ৰামৰ সবল ভূমিকা পালন কৰা অঞ্চলটোৰ সকলো স্বাধীনতা সেনানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ লগতে ৰাষ্ট্ৰৰ নিৰাপত্তা ক্ষেত্ৰত সদ্যজাগ্ৰত প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জোৱান আৰু বীৰ নাৰী সকলকো তেওঁ সশ্ৰদ্ধা স্মৰণ কৰে।তেওঁ কয় যে এনেধৰণৰ কাৰ্য্যসূচীয়ে সামৰিক তথা অসামৰিক ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰিহণা প্ৰদৰ্শনতো সহায় কৰে।এই উল্লেখনীয় পদক্ষেপৰ বাবে তেওঁ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডক অভিনন্দন জ্ঞাপন কৰে।মুখ্যমন্ত্ৰীয়ে অসমৰ স্থিতি শক্তিশালীকৰণৰ দিশত প্ৰধান ভূমিকা পালন কৰি যোৱা মহাবীৰ লাচিত বৰফুকনলৈও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অহা ২৪ নৱেম্বৰত ৰাজ্যবাসীক এইগৰাকী মহান বীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি চিনস্বৰূপে অন্তত এগছি মাটিৰ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায়।অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ,ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি লেফটেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাইও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত ত্ৰিপুৰা সাংস্কৃতিক আৰু তথ্য বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰী, সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Trending
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী
- পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান
- বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়
- ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন