স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত পূৰ্বোত্তৰ স্বাভিমান উৎসৱ উদযাপন কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অৱদানক উদযাপন কৰা উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ভাৰতীয় ৰাষ্ট্ৰবাদ বৃদ্ধিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা আৰু বিশ্বব্যাপী সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটত ভাৰতৰ উত্থানৰ চালিকা শক্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ কেনেদৰে বিকাশ ঘটিছে সেই বিষয়েও আলোকপাত কৰাৰ বাবেও এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিদেশী আধিপত্য পৰা দেশখনক মুক্ত কৰাৰ বাবে স্বাধীনতা সংগ্ৰামৰ সবল ভূমিকা পালন কৰা অঞ্চলটোৰ সকলো স্বাধীনতা সেনানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ লগতে ৰাষ্ট্ৰৰ নিৰাপত্তা ক্ষেত্ৰত সদ্যজাগ্ৰত প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জোৱান আৰু বীৰ নাৰী সকলকো তেওঁ সশ্ৰদ্ধা স্মৰণ কৰে।তেওঁ কয় যে এনেধৰণৰ কাৰ্য্যসূচীয়ে সামৰিক তথা অসামৰিক ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰিহণা প্ৰদৰ্শনতো সহায় কৰে।এই উল্লেখনীয় পদক্ষেপৰ বাবে তেওঁ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডক অভিনন্দন জ্ঞাপন কৰে।মুখ্যমন্ত্ৰীয়ে অসমৰ স্থিতি শক্তিশালীকৰণৰ দিশত প্ৰধান ভূমিকা পালন কৰি যোৱা মহাবীৰ লাচিত বৰফুকনলৈও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অহা ২৪ নৱেম্বৰত ৰাজ্যবাসীক এইগৰাকী মহান বীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি চিনস্বৰূপে অন্তত এগছি মাটিৰ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায়।অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ,ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি লেফটেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাইও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত ত্ৰিপুৰা সাংস্কৃতিক আৰু তথ্য বিভাগৰ মন্ত্ৰী সুশান্ত চৌধুৰী, সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Trending
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা