পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ বিমান উৰিব

0 201

পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ বিমান উৰিব।এই বিষয়ে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘নাছা’ই প্ৰচেষ্টা অব্যাহত ৰাখিছে।জানিব পৰা মতে এপ্ৰিল মাহৰ প্ৰথম ফালে ‘ইনজিনুইটি মাৰ্চ হেলিকপ্টাৰ’ নামৰ বিমানখন মংগল গ্ৰহলৈ পৰীক্ষামূলক প্ৰেৰণ কৰোৱাৰ নাছাই লক্ষ্যস্থিৰ কৰিছে।
ঠাৱৰ কৰা হৈছে ৩১ দিনৰ অন্তত বিমানখনে মংগলপৃষ্ঠত অৱতৰণ কৰিব।বৰ্তমান, নাছাই ১৮ ফেব্ৰুৱাৰীত প্ৰেৰণ কৰা ‘প্ৰিজাৰভেৰেঞ্চ ৰভাৰখনে বিমানখনৰ অনুকূল পৰিৱেশৰ বাবে গ্ৰহটোৰ তথ্য সংগহ কৰি আছে।নাছাৰ এই মিছনটোৰ মুখ্য অভিযন্তা বব বলৰামে জনোৱামতে, প্ৰথমে বিমানখনে সৰু এটুকুৰা কাপোৰ লৈ যাব।
১৯০৩ চনত ইংলেণ্ডৰ ৰাইট ব্ৰাদাৰছে সাজি উলিওৱা প্ৰথমখন আকাশীযানৰ এখনি পাংখাত কাপোৰটুকুৰা লগোৱা হ’ব।পৃথিৱীত প্ৰথম উৰা ৰাইট ব্ৰাদাৰছৰ আকাশীযানখনৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে।বিমানখন প্ৰস্তুত কৰোতে নাছাই খৰচ কৰিছে প্ৰায় ৮৫ মিলিয়ন ডলাৰ।

Leave A Reply

Your email address will not be published.