মণিপুৰৰ এগৰাকী কণমানিৰ এটা কান্দি থকাৰ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শিশুটিক ৰাজ্য চৰকাৰৰ ‘গ্ৰীণ মণিপুৰ মিছনৰ এম্বেছাদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে। দৰাচলতে এলংগৱাম ভেলেন্টিনা নামৰ কন্যা শিশুটিৱে ভিডিঅ’টোত পথ নিৰ্মাণৰ বাবে গছ কটাৰ বাবেই কান্দি আছিল।জানিব পৰা মতে, কন্যা শিশুটিৱে চাৰি বছৰ পূৰ্বে তাইৰ ঘৰৰ সন্মুখৰ পথৰ দাঁতিত দুটা গছ পুলি ৰোপন কৰিছিল। য’ত তাই নিতৌ পানী দিছিল, চোৱা-চিতা কৰিছিল। এতিয়া সেই পুলি দুটাই গছৰ ৰূপ ধাৰণ কৰিছিল শেহতীয়াকৈ পথ বহল কৰাৰ বাবে এই গছ দুডাল কাটি পেলোৱা হয়। যি সময়ত গছ দুডাল কটা হয় সেই সময়ত বিদ্যালয়লৈ গৈছিল পঞ্চম শ্ৰেণীত অধ্যয়নৰত এলংগৱাম ভেলেন্টিনা। তাই যেতিয়া বিদ্যালয়ৰ পৰা উভতি কটা গছ দুডাল প্ৰত্যক্ষ কৰে, তেতিয়া তাই আৰু চকুপানী ৰখাব নোৱাৰিলে। ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে কণমানি শিশুটিয়ে।ইফালে শিশুটিৰ এই কান্দি থকাৰ দৃশ্য কোনোৱে ভিডিঅ’ বনাই চ’চিয়েল মেডিয়াত প্ৰচাৰ কৰে। এই ভিডিঅ’টো লাহে লাহে ভাইৰেল হৈ পৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ হাততো। তাৰ পিছতে শিশুটিৰ প্ৰকৃতিপ্ৰেম দেখি এলংগৱাম ভেলেন্টিনাক ‘গ্ৰীণ মণিপুৰ মিছন’ৰ এম্বেছদৰ হিচাপে ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।‘এই শিশুটিৰ পৰা আমি সকলোৱে শিকিব লগা বহু আছে। ইমান কম বয়সতে তাই প্ৰকৃতিপ্ৰেম দেখি মই আচৰিত হৈছো। সেইবাবেই তাইক গ্ৰীণ মণিপুৰ মিছনৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিছো। সকলোৱে এই কণমানি শিশুটিক অনুসৰণ কৰক আৰু এখন সেউজ ধৰা সৃষ্টিত সহায়ক হওক।- এলংগৱাম ভেলেন্টিনাৰ প্ৰশংসা কৰি এই দৰে কয় মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ইফালে শিশুটিক ৰাজ্য চৰকাৰে প্ৰদান কৰা সন্মানৰ বাবে আনন্দ প্ৰকাশ কৰিছে শিশুটিৰ পিতৃ এলংগৱাম প্ৰেমকুমাৰ আৰু মাতৃ এলংগৱাম শায়াইও।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা