প্ৰতি থালিত এটকাকৈ আগবঢ়াব বিচৰা ৰেষ্টুৰেণ্ট খন

0 291

সমাজত চলি থাকিবলৈ ব্যৱসায় সকলোৱে কৰে। কিন্তু সেই ব্যৱসায়ৰ লগত যেতিয়া সমাজৰ বিশেষ শ্ৰেণী লোকৰ “সহায়” নামৰ এটা প্ৰসংগ জৰিত হৈ থাকে। তেতিয়া বিষয়টোৱে চৰ্চা লাভ কৰে।

আজি আপোনালোকক এনে এহাল দম্পত্তিৰ বিষয়ে জনাব বিচাৰিছো। তেওঁলোকে প্ৰচাৰৰ বাবে নহয় অন্তৰৰে সমাজৰ বাবে দান কৰিব বিচাৰিছে। মহানগৰীৰ নুনমাটিত অৱস্থিত Mood mix নামৰ ৰেষ্টুৰেন্টখনৰ স্বতাধিকাৰীদ্বয় ক্ৰমে অভিজিৎ দাস আৰু সুপৰ্ণা দাস। তেওঁলোকৰ ৰেষ্টুৰেণ্ট “আহাৰ” নামৰ থালিৰ ১ টকা দুখীয়া অৰ্থাৎ অনাথ জনৰ বাবে উৎসৰ্গিত। এই সম্পৰ্কে অভিজিৎ দাসে এনেদৰে কয় – আমাৰ ৰেষ্টুৰেণ্টখন ৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। ৰেষ্টুৰেণ্টখনত আহাৰ নামৰ ভাতৰ থালি উপলব্ধ। গ্ৰাহকে গ্ৰহণ কৰা থালিৰ বাবদত ১ টকাকৈ আৰ্তজনৰ বাবে ৰাখি থোৱা হৈছে।

প্ৰতিমাহে যিকোনো সংস্থা অথবা অনুষ্ঠানৰ জৰিয়তে বৰঙণি আগবঢ়াম। জানিব পৰা মতে বৰ্ত্তমান লৈকে সংগৃহিত ধন ৰাশিৰ পৰিমাণ ৪০০ টকা হৈছে। তেখেতে লগতে জনায় যে প্ৰতি মাহে বেলেগ বেলেগ পৰিমাণৰ ধনৰাশি আমি আগবঢ়াম। এই কথা নিৰ্ভৰ কৰিব গ্ৰাহকৰ সমাগমৰ ওপৰত। উল্লেখযোগ্য যে উদ্যমী দম্পত্তিদ্বয়ৰ বিষয়টোৱে সচেতন মহলত চৰ্চা লাভ কৰিছে।

আনহাতে সাংস্কৃতিক বাহিনী অসমৰ উদ্যোগত গছৰ তলত ৰঙালীৰ আনন্দ শীৰ্ষক এক অনুষ্ঠান ছয়মাইলৰ মেট্ৰ’পলিটান বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। অনুষ্ঠানটোত জীনাৰাজ কুমাৰী, বিপুল চেতিয়া ফুকন, মনীষা হাজৰিকাকে আদি কৰি বহুকেইজন শিল্পীয়ে গীত পৰিবেশন কৰে।

শিল্পী জে পি দাসক সাংস্কৃতিক ৰক্ষক বঁটা প্ৰদান কৰে। তেখেতে অনুষ্ঠানটোত উপস্থিত থাকি কয় – আমি ভাৰতীয় হিচাপে পৰিচয় দিয়াৰ আগতে অসমীয়া হিচাপে পৰিচয় দিয়াটোহে উচিত। বিহুৰ দৰ – দামৰ সম্পৰ্কতো শিল্পীজনে মন্তব্য কৰে। অনুষ্ঠানটো জেং বিহুৰ, বিহুৰ নৃত্য প্ৰদৰ্শিত হয়।

Leave A Reply

Your email address will not be published.