সুখবৰ। আজি দিনটোত ছবিগৃহলৈ আহিব প্ৰথমখন অসমীয়া এনিমেটেড ছবি। সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ শংকৰদেৱ জীৱনৰ আধাৰত ভিত্তি কৰি প্ৰস্তুত কৰা ছবিখন অসমৰ প্ৰায় ৪৬ টা ছবিগৃহত মুক্তি লাভ কৰিব। উল্লেখযোগ্য যে ২ ঘণ্টা ২৬ মিনিটৰ এই এনিমেটেড় ছবিখন পৰিচালনা কৰিছে অসমীয়া চলচিত্ৰ জগতৰ খ্যাতি সম্পন্ন পৰিচালিকা মঞ্জু বৰাই। এই সম্পৰ্কে NEFOCUS ৰ ফালৰ পৰা হোৱা এক সাক্ষাৎকাৰত মঞ্জু বৰাই এনেদৰে ব্যক্ত কৰে..আচলতে প্ৰযোজক সঞ্জীৱ নাৰায়ণৰ চিন্তাত প্ৰথমে এই চিনেমাখন বনোৱা কথা মনলৈ আহিছিল। জগতগুৰু শংকৰদেৱে সাহিত্য, সংস্কৃতিৰ , ধৰ্ম সকলো ফালৰ পৰা সমাজ খন গঢ় দিছিল। তেখেতে মানৱ জাতিৰ বাবে যোগোৱা বৰঙণি বিশ্ববাসীৰ মাজলৈ উলিয়াই নিয়াৰ এই ছবিখনৰ জৰিয়তে এক প্ৰয়াস কৰা হৈছে। বিশেষকৈ শিশু,যুৱ প্ৰজন্মৰ মাজলৈ সহজতে যাতে শংকৰদেৱৰ কৰ্মৰাজি লৈ যাব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এনিমেটেড ছবি কৰা হৈছে। স্মতৰ্ব্য যে ছবিখনৰ গৱেষণামূলক কাম কাজ সম্পন্ন কৰাৰ লগতে সংলাপ ৰচনা কৰিছে প্ৰভাত চন্দ্ৰ দাসে। এনিমেচন পৰিচালনা ডo গৌতম দাসৰ আৰু সম্পাদনা কৰিছে শ্ৰীকৰ প্ৰসাদে। আনহাতে সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই আৰু সহকাৰী পৰিচালক জীৱন ডাউকাৰ। ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰিছে পৰিচালিকা মঞ্জু বৰাই।
Trending
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
সুন্দৰ প্ৰয়াস ভৱিষ্যতলৈ আৰু আশা কৰি শুভেচ্ছা জনালো।