যোৱা ২৭ অক্টোবৰত সাংস্কৃতিক জগত উকা কৰি স্বৰ্গগামী হোৱা অসমীয়া চলচ্চিত্ৰৰ মহানায়ক নিপন গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মংগলবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত দীপক সংঘৰ কালি মন্দিৰৰ প্ৰাগণত এখনি স্মৃতিচাৰণ সভা সম্পন্ন হয়৷ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’, ‘চলচ্চিত্ৰ সমাজ, অসম’ আৰু ‘উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থা’ৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী, কলা-কুশলী, সাংবাদিক তথা বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি৷ উক্ত অনুষ্ঠানতে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ দ্বাৰা সম্পাদিত ‘বৰ্ণময় নিপন গোস্বামী’ শীৰ্ষক স্মৃতিগ্ৰন্থখনিও উন্মোচন কৰা হয়৷ উন্মোচন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ লগতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি মন্তব্য আগবঢ়াই কয় যে অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰাসদৃশ নিপন গোস্বামীয়ে বিগত প্ৰায় ছটা দশকত শতাধিক চলচ্চিত্ৰ আৰু মঞ্চ, অনাতাঁৰ নাটত অভিনয় কৰি কেবাটাও প্ৰজন্মক সন্মোহিত কৰি থৈ গৈছে৷ গোস্বামীদেৱৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ অজস্ৰ চৰিত্ৰত বলিষ্ঠ অভিনয়ৰ লগতে এগৰাকী সুশৃংখলিত, নিয়মানুৱৰ্তী¹ তথা সময়ানুৱৰ্তী ব্যক্তি হিচাপেও গোস্বামীদেৱে আমাৰ নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব৷ এইগৰাকী মহাতাৰকাৰ স্মৃতিক আমি এতিয়া কেনেদৰে উত্তৰ পুৰুষৰ বাবে জীয়াই ৰাখিব পাৰো তাৰ বাবে সকলোৱে যৎপৰোনাষ্টি কৰা উচিত৷ এইক্ষেত্ৰত অসমৰ সাংস্কৃতিক বিভাগেও কৰিবলগীয়া বহুত আছে আৰু কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে৷ ‘‘বৰ্ণময় নিপন গোস্বামী’ এইক্ষেত্ৰত মাইলৰ খুঁটি হৈ ৰ’ব’’ বুলি উল্লেখ কৰি মন্ত্ৰী বিমল বৰাই কয়, চলচ্চিত্ৰ সমাজ, অসম,উত্তৰ-পূৱ চলচ্চিত্ৰ আৰু কলা-কুশলী সন্থাৰ সহযোগত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’’ৰ সম্পাদনাত প্ৰকাশিত এইখন গ্ৰন্থত সন্বিৱিষ্ট প্ৰতিটো লেখাই উদ্বুদ্ধ কৰিব৷ উল্লেখ্য যে স্মৃতিচাৰণ সভাখনত উপস্থিত থকা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ শিল্পী দীনেশ দাস, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি ভাষণ প্ৰদান কৰে৷
Trending
- চিত্ৰগৃহত সগৌৰৱে চলিছে ৰঙাটাপু-১৯৮২-মুক্তিৰ তিনিদিনত ৩৮ লাখ টকাৰ ব্যৱসায়ঃ দৰ্শনীৰ সংখ্যা দুগুণ বৃদ্ধি
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্যোগত ‘সংবিধান দিৱস’ পালন
- কাঁহিকুছিত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ মূখ্য কাৰ্যালয় মুকলি -লোকসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ
- কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লাচিত দিৱস পালন
- পলাশবাৰী ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী -উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কান্ত হাজৰিকাই
- শ্ৰমিক কল্যাণ দিৱস উদযাপন
- দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে
- কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন
- গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ লাচিত: দ্য ৱাৰিয়ৰৰ প্ৰদৰ্শন
- ইউনিচেফ অসমৰ বিষয়ববীয়াৰ সৈতে বৈঠকত বানাক্ৰান্ত অঞ্চলৰ শিশুৰ সৈতে মত বিনিময় বনমন্ত্ৰী পাটোৱাৰীৰ