প্ৰাক্তন সৈনিক সমাৰোহ সম্পন্ন

0 264

শিৱসাগৰ জিলাৰ সৈনিক কাৰ্যালয়ৰ সৌজন্যত যোৱা ৮ ফেব্ৰুৱাৰীত বকতা দিহিঙ্গীয়া গাঁৱত প্ৰাক্তন সৈনিক সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোৰহাট জিলাৰ সৈনিক কল্যাণ বিষয়া অৱসৰপ্ৰাপ্ত কৰ্ণেল বেনুধৰ শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি ডি বৰুৱা উপস্থিত থাকে। মাইবেলাস্থিত আৰ্মি কেম্পৰ চুবেদাৰ সত্যৱন এই সমাৰোহত অংশগ্ৰহণ কৰি দেশৰ বাবে প্ৰাক্তন সৈনিক সকলে আগবঢ়োৱা প্ৰতিৰক্ষা সেৱাৰ শলাগ লয় ।
প্ৰাক্তন সৈনিক সকলৰ পৰিয়াল আৰু ল’ৰা-ছোৱালীৰ বাবে প্ৰযোজ্য কেন্দ্ৰ আৰু অসম চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সমূহৰ বিষয়ে তেখেতে বিশদভাৱে উল্লেখ কৰে । অৱসৰপ্ৰাপ্ত কেপ্তেইন বয়োজ্যেষ্ঠ বীৰেণ বৰুৱাও এই সমাৰোহত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, বীৰেণ বৰুৱাই ১৯৬২ আৰু ১৯৬৫ চনৰ চীন-ভাৰতৰ যুদ্ধ আৰু ১৯৭১ চনৰ ইণ্ড’-পাক যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু ১৯৬২ চনৰ যুদ্ধত চীনা সৈন্যৰ কবলত যুদ্ধ বন্দী আছিল । সমাৰোহত তেখেতৰ লগতে ১৪ গৰাকী প্ৰাক্তন সৈনিকৰ বিধৱা পত্নীক সৈনিক কল্যাণ কাৰ্যালয়ৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য আৰু উপহাৰ প্ৰদান কৰা হয়।
ইয়াৰোপৰি মাইবেলাস্থিত আৰ্মি কেম্পে চি এচ ডি কেন্টিন আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰে । উক্ত সমাৰোহত পাঁচ শতাধিক প্ৰাক্তন সৈনিক, প্ৰাক্তন সৈনিকৰ বিধৱা পত্নী আৰু পৰিয়ালৰ সদস্যৰ লগতে শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্তদ্বয় গৌৰীপ্ৰিয়া দেউৰী আৰু মনালী প্ৰসাদ ৰজক, স্থানীয় বাখৰ বেঙেনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ক্ষীৰোদ গগৈ, স্থানীয় গাওঁবুঢ়া বিজয় দিহিঙ্গীয়া আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..

Leave A Reply

Your email address will not be published.