পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান

0 105

টঅসম চৰকাৰৰ বিজ্ঞান,প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ লগতে বিজ্ঞান প্রযুক্তিবিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ থকা প্ৰতিষ্ঠানটোৰ প্ৰেক্ষাগৃহত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসুচীত বোকাখাতৰ জেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী উত্তম শইকীয়াক পৰিৱেশ মিত্ৰ বঁটা প্ৰদান কৰা হয় ৷ পৰিৱেশ দিৱসৰ গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তি বিদ্যাৰ মন্ত্ৰী কেশৱ মহন্তই সুদীৰ্ঘ দিন বন, প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বাবে কাম কৰি অহা উত্তম শইকীয়াক এই বঁটা প্ৰদান কৰে ৷ অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড৹ জয়দীপ বৰুৱা, বিজ্ঞান প্রযুক্তিবিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰফেচৰ আশীষ কুমাৰ মুখাৰ্জী আৰু বিশিষ্ট বিজ্ঞানী ড৹ বিনয় কুমাৰ শইকীয়াৰ উপৰিও বিশিষ্ট বিজ্ঞানী, গৱেশক আৰু ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে ৷ অনুষ্ঠানত উত্তম শইকীয়াৰ লগতে বিশিষ্ট পৰিবেশ কৰ্মী জয়ন্ত শৰ্মা আৰু ওদালগুৰিৰ পৰিৱেশ কৰ্মী জয়ন্ত দাসকো পৰিৱেশ মিত্ৰ বঁটা প্ৰদান কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৪ খন বিদ্যালয়ক শ্ৰেষ্ঠ ইক’ ক্লাব বঁটাও প্ৰদান কৰা হয় ৷ উল্লেখ্য যে নিৰলস ভাৱে বন আৰু প্ৰকৃতিৰ বাবে সেৱা আগবঢ়ায় অহা জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই ইয়াৰ পুৰ্বে ২০০৩ চনত আচাম ট্ৰিবিউন কাকতে প্ৰদান কৰা আৰ এন বৰুৱা আৰু প্ৰতিভা বৰুৱা সোঁৱৰনী শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা, ২০০৭ চনত আপুকয়ে প্ৰদান কৰা শ্ৰেষ্ঠ যুৱ সাংবাদিক বঁটা, ২০০৯ চনত বানেশ্বৰ মহন্ত সোঁৱৰণী কাজিৰঙা নিউজ নেটৱৰ্ক বঁটা, ২০১৪ চনৰ অসম চৰকাৰৰ পৰ্যটন বিকাশ বঁটা, ২০১৮ চনত বালিপাৰা ফাউণ্ডেচনৰ গ্ৰীন জাৰ্নেলিষ্ট বঁটা, ২০২৪ চনত কমাৰগাওঁ প্ৰেছ ক্লাবৰ গৰীয়ষী বঁটাৰ উপৰিও উক্ত সময়তেই ৰাষ্ট্ৰসংঘৰ ইক্ৰম নামৰ সংগঠনৰ আমন্ত্ৰনত ক্ৰুয়েচিয়া দেশৰ ট্ৰগীৰত আয়োজিত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এক আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত কাজিৰঙাক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহন কৰিছিল ৷ উত্তম শইকীয়া বৰ্তমান বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক দ্বায়িত্ব বহন কৰি আছে৷

প্ৰেৰণ কৰিলে দিব্যজ্যোতি হাজৰিকা, বোকাখাত৷

Leave A Reply

Your email address will not be published.