“পৰিৱৰ্ত্তন প্ৰত্যাশাৰ এটা বছৰ” উন্মোচন

0 266

IMG-20170523-WA0020

জাতীয় চেতনা কম বেছি পৰিমাণে সকলোৰে থাকে। কিন্তু সেই জাতীয় চেতনাক বলিষ্ঠৰূপে প্ৰকাশ কৰি জনসাধাৰণৰ মাজলৈ লৈ যোৱা অথবা জনমত গঠনৰ প্ৰয়াস কৰা খুব কম সংখ্যকে দৃষ্টিগোচৰ হয়। কিন্তু এনে এক কামৰ ভাগীদাৰ হৈ সমাজলৈ নতুন দিগন্তৰ সুচনাৰ আশাৰে এজন সাংবাদিকে জনসাধাৰণলৈ মুকলি কৰি দিছে এখন গ্ৰন্থ। গ্ৰন্থ খনৰ নাম পৰিৱৰ্ত্তন প্ৰত্যাশাৰ এটা বছৰ। আজি মহানগৰীৰ নেডফি হাটত আয়োজিত এক উন্মোচনী সভাত এই গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক হোমেন বৰগোহাঞিয়ে। গ্ৰন্থখনৰ লেখক সাংবাদিক উৎপল বৰুৱাই গ্ৰন্থখনৰ বিষয়বস্তুৰ সম্পৰ্কে মন্তব্য কৰে যে শাসনাধীন চৰকাৰৰ এবছৰীয়া কাৰ্য্যকালৰ প্ৰাসংগিকতাই গ্ৰন্থৰ মূল বিষয়বস্তু।

IMG-20170523-WA0024

নিৰ্বাচনৰ প্ৰাক মূৰ্হুত্বত দিয়া প্ৰতিশ্ৰুতি তথা দেৱালৰ লিখন পঢ়ি সকলোকে আগবঢ়াৰ বাবে অনুৰোধ কৰে। উল্লেখযোগ্য যে এই বিশেষ গ্ৰন্থখন অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া লোকৰ হাতত উছৰ্গা কৰিছে।

IMG-20170523-WA0018

এজন দায়বদ্ধ সাংবাদিক হিচাপে উৎপল বৰুৱাই গ্ৰন্থখনৰ প্ৰতিটো বিষয়বস্তু যুক্তিসহকাৰে উপস্থাপন কৰিছে। আশা কৰা হৈছে এই গ্ৰন্থখনে সমাজ জীৱনত এক জোৱাৰ আনিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.