পৰ্বত আৰোহণ কৰিব অঞ্জলি দাসে

0 273

সুদূৰ হিমালয়ৰ হিম চেচা শুকুলা বুকু বগাই মাউণ্ট এভাৰেষ্ট বিজয়ী হোৱাৰ দু:সাহস বহুতৰে আছে। কিন্তু আৰ্থিক দৈন্যতা অথবা বিভিন্ন অভাৱ অনাটনে সেই আশাই বাস্তৱ ৰূপ নাপায় । তাৰ মাজতো কেবাগৰাকীও অসম সন্তানে হিমালয়ৰ বুকু বগাবলৈ প্ৰয়াস কৰি আহিছে। এইবেলি অহা এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া জীয়ৰীয়ে হিমালয়ৰ বুকু বগায় মাউণ্ট এভাৰেষ্ট বিজয়ৰ বাবে যাত্ৰাৰ আৰম্ভ কৰিব। বুকুত অদম্য সাহস মূলধন হিচাপে লৈ সাজু হোৱা দক্ষিণ কামৰূপৰ ছাটাবাৰীৰ জীয়ৰী তথা জ্ঞানপীঠ বঁটা বিজয়িনী ড০ মামণী ৰয়ছম গোম্বামীৰ ওপজা গাও বৰিহাটৰ স্বামিহাৰা বোৱাৰী অঞ্জলি দাসে আজি আৰ্থিক দৈন্যতাৰ বাবে থমকি ৰ’ব লগা হোৱাটো পৰিতাপৰ কথা। দাসে শৈশৱৰ পৰাই খেলা ধূলাত বিশেষ পাৰদৰ্শিতা দেখুৱাই সময়ে সময়ে ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে। এবছৰ পূৰ্বে কলিকতাত অনুষ্ঠিত হোৱা মাৰথন দৌৰত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি ভাৰত ৰত্ন শচীন টেণ্ডুলকাৰৰ পৰা মডেল গ্ৰহণ কৰিবলৈয়ো সক্ষম হৈছিল। দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ চাইকেলিং, মাৰথন, পৰ্বতাৰোহণ আদিত নিজৰ প্ৰতিভাৰ সুকীয়া পৰিচয় দিবলৈ সক্ষম হোৱা অঞ্জলিয়ে এইবেলি অহা এপ্ৰিল মাহত মাউণ্ট এভাৰেষ্ট বিজয়ৰ বাবে হিমালয়ৰ বুকুত বগাবলৈ নিৰ্বাচিত হৈছে যদিও আৰ্থিক দৈন্যতাই হতাশ কৰিছে মহিলাগৰাকীক । প্ৰায় ৩২ লাখ টকা ব্যয় হ’বলগীয়া এই যাত্ৰাৰ বাবে প্ৰায় ৩ মাহ পূৰ্বে স্বামীক হেৰুওৱা তথা এটা পু্ত্ৰ সন্তানৰ মাতৃ প্ৰায় দুকুৰী বছৰীয়া অঞ্জলিৰ নাই সামৰ্থ। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছে যদিও এতিয়ালৈ লাভ কৰা নাই কোনোধৰণৰ সঁহাৰি। চৰকাৰৰ আৰ্থিক সহায় অবিহনে অঞ্জলিয়ে সফল হ’ব নোৱাৰিব মাউণ্ট এভাৰেষ্ট বিজয়ৰ এই যাত্ৰাত । মুখ্যমন্ত্ৰীৰ সহাঁৰিলৈ বাট চাই থকা অঞ্জলিৰ কাষত এইবাৰ থিয় দিছে বিভিন্ন দল সংগঠন তথা শুভকাংক্ষী। কিন্তু প্ৰয়োজন হোৱা এই বৃহৎ ধনৰাশিৰ বাবে চৰকাৰৰ সহায়ৰ হাত নিত্যান্তই প্ৰয়োজনীয়। আনহাতে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ প্ৰাধিকৰণৰ তৰফৰ পৰা সহযোগিতা কৰাৰ আশ্বাস দিছে যদিও সেই সহায়ৰ হাত কেনেধৰণৰ হ’ব সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। দল সংগঠন, স্থানীয় লোকৰ লগতে দাসে আশা কৰিছে মুখ্যমন্ত্ৰীয়ে শেষ পৰ্য্যায়ত হ’লেও সহযোগিতা আগবঢ়াব। কোনো সদাশয় ব্যক্তি বা দল সংগঠনে যদি অঞ্জলি দাসক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ’লে ৯৩৬৫২৩১৫০৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া জীয়ৰী অঞ্জলী দাসে মাউণ্ট এভাৰেষ্ট যাত্ৰাৰ বাবে সুযোগ লাভ কৰাতো দক্ষিণ কামৰূপ তথা অসমবাসীৰ বাবে গৌৰৱৰ বিষয়।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে.. 

Leave A Reply

Your email address will not be published.