স্বেচ্ছাসেৱী সংগঠন দক্ষিণ কামৰূপ সচেতন মঞ্চৰ যোৱা ৫ মে’ৰ বিয়লি এখনি গুৰুত্বপূৰ্ণ সভা বঙৰা তালুকদাৰপাৰাৰ শ্ৰীশ্ৰী চতুৰ্ভূজ সত্ৰৰ সীমান্ত দাসৰ বাসভৱনত মঞ্চৰ অধ্যক্ষ মদন দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য দীপক শৰ্মা,মুখ্য সচেতক তথা লেখক, জ্যেষ্ঠ সমাজকৰ্মী কমল চন্দ্ৰ মেধি,সদস্য ধৰ্মেন্দ্ৰ দাস,সীমান্ত দাস,জৱাহৰ মেধি,লফিকুল হক, ৰাজীৱ দাস প্ৰভৃতি মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব লোৱাৰ লগতে অহা ১৪ মে’ত সৰপাৰা হাইস্কুলত দক্ষিণ কামৰূপৰ ভিন ভিন প্ৰান্তৰ জ্যেষ্ঠ শিক্ষাবিদ,সাহিত্যিক,কৃষক, শিপিনি, খেলুৱৈ, সমাজকৰ্মী আদি ২১ জন লোকক সম্বৰ্দ্ধনা জ্ঞাপন কৰিব বুলি সিদ্ধান্ত লয়।সভাই সাম্প্ৰতিক সময়ত নিত্যপ্ৰয়োজনীয় বয় বস্তুৰ মূল্যবৃদ্ধি হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি অচিৰেই এই সম্পৰ্কত এক স্মাৰক পত্ৰ জিলা উপায়ুক্ত দিয়াৰ সিদ্ধান্ত লয়।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন