স্বেচ্ছাসেৱী সংগঠন দক্ষিণ কামৰূপ সচেতন মঞ্চৰ যোৱা ৫ মে’ৰ বিয়লি এখনি গুৰুত্বপূৰ্ণ সভা বঙৰা তালুকদাৰপাৰাৰ শ্ৰীশ্ৰী চতুৰ্ভূজ সত্ৰৰ সীমান্ত দাসৰ বাসভৱনত মঞ্চৰ অধ্যক্ষ মদন দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য দীপক শৰ্মা,মুখ্য সচেতক তথা লেখক, জ্যেষ্ঠ সমাজকৰ্মী কমল চন্দ্ৰ মেধি,সদস্য ধৰ্মেন্দ্ৰ দাস,সীমান্ত দাস,জৱাহৰ মেধি,লফিকুল হক, ৰাজীৱ দাস প্ৰভৃতি মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব লোৱাৰ লগতে অহা ১৪ মে’ত সৰপাৰা হাইস্কুলত দক্ষিণ কামৰূপৰ ভিন ভিন প্ৰান্তৰ জ্যেষ্ঠ শিক্ষাবিদ,সাহিত্যিক,কৃষক, শিপিনি, খেলুৱৈ, সমাজকৰ্মী আদি ২১ জন লোকক সম্বৰ্দ্ধনা জ্ঞাপন কৰিব বুলি সিদ্ধান্ত লয়।সভাই সাম্প্ৰতিক সময়ত নিত্যপ্ৰয়োজনীয় বয় বস্তুৰ মূল্যবৃদ্ধি হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি অচিৰেই এই সম্পৰ্কত এক স্মাৰক পত্ৰ জিলা উপায়ুক্ত দিয়াৰ সিদ্ধান্ত লয়।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme