গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখার্জীক শেহতীয়াকৈ ভাৰতবৰ্ষৰ দুটাকৈ ৰাষ্ট্ৰীয় অনুষ্ঠান ক্রমে- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বায়ত্ব শাসিত প্রতিস্থানৰ অন্তৰ্গত ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান সংস্থা (এন এএম এছ) আৰু ভাৰত চৰকাৰৰ বিজ্ঞান প্রযুক্তিবিদ্যা বিভাগৰ এক স্বায়ত্ব শাসিত প্রতিষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (এন এ এছ আই)ৰ সন্মানীয় সদস্য হিচাপে নির্বাচিত কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান সংস্থা হৈছে এক অনন্য প্রতিষ্ঠান যিয়ে চিকিৎসা আৰু সামাজিক লক্ষ্য পুৰণ কৰিবলৈ শৈক্ষিক উৎকর্ষতাক প্রাধান্য প্রদান কৰে। আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বিজ্ঞান সংস্থা। জানিব পৰা মতে সংস্থা দুটাৰ আগন্তক বছৰেকীয়া সভাত অধ্যাপক মুখার্জীক আনুষ্ঠানিকভাৱে এই সংস্থাদ্বয়ৰ সন্মানীয় সদস্য হিচাপে অর্ন্তভুক্ত কৰা হ’ব। অধ্যাপক মুখার্জীয়ে যোৱা ৩০ বছৰ ধৰি জৈৱ ৰাসায়নিক,প্রটিঅ’মিক বিশ্লেষণ, বিষধৰ সাপ আৰু বিছাৰ ওপৰত বিভিন্ন ধৰণৰ গবেষণা কৰি আহিছে আৰু ভাৰতবৰ্ষৰ বিজ্ঞান ক্ষেত্ৰখনৰ লগতে সমাজৰ যথেষ্ট উৎকর্ষ সাধন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বিষাক্ত সর্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত অধ্যাপক মুখার্জীয়ে গোটেই এচিয়া মহাদেশতে সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।ইয়াৰোপৰি অধ্যাপক মুর্খার্জীয়ে প্রাকৃতিক সম্পদৰ গৱেষণাৰ দ্বাৰা ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ফলপ্ৰসু সফলতা অর্জন কৰিছে । অধ্যাপক মুখার্জীয়ে তেওঁৰ গুৰুত্বপূৰ্ণ গবেষণাৰ স্বীকৃতি স্বৰূপে কলকতা বিশ্ববিদ্যালয়ৰ পৰা জৈৱ প্রযুক্তি বিষয়ত ডক্তৰ অৱ চায়েন্স (ডি এছ চি) ২০১৮ চনৰ মৌলিক আৰু প্রায়োগিক বিজ্ঞান গবেষণাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় সন্মান, ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ পৰা ২০১৭-২০১৮ চনৰ টাটা উদ্ভাৱন সন্মান, অনুন্নত এলেকা ২০১৭ চনৰ জৈৱ চিকিৎসা গবেষণাৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা বঁটা, আই এন এছ এ শিক্ষক বঁটাৰে সন্মানীত হৈছে। ইয়াৰোপৰি অধ্যাপক মুখার্জী ভাৰতীয় বিজ্ঞান একাডেমী, ৰয়েল চছাইটি অৱ বায়লজী আৰু পশ্চিমবংগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা একাডেমীৰ এজন সন্মানীয় সদস্য হিচাবে নির্বাচিত ব্যক্তি। তেওঁ ১৭৫ খনতকৈওঁ অধিক গবেষণা পত্ৰ আৰু গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিওঁ তেওঁ গৱেষণাৰ ভালেসংখ্যক মান ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পেটেন্ট লাভ কৰিছে আৰু কিছুসংখ্যক পেটেন্টৰ যাবতীয় অনুমোদনৰ বাবে আবেদন কৰিছে।
Trending
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ