বডো জনগোষ্ঠীৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়াই যোৱা অৱদানক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামাকৰণ কৰিব। আজি নতুন দিল্লীত অৱস্থিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা হয়। উল্লেখ্য যে বডো জনগোষ্ঠীৰ পিতৃ হিচাপে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল এজন দূৰদৰ্শী নেতা আৰু সমাজ সংস্কাৰক যিয়ে বডো সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয়, আৰু উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। ২০২৫ চনৰ ১ মে’ত নতুন দিল্লীৰ কৈলাশ কলনীত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বডোলেণ্ডৰ মন্ত্ৰী উৰ্খাও গ্ৱৰা ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো আদিকে ধৰি বহু সংখ্যক গণ্য মান্য লোক অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । উল্লেখ্য যে নাম সলনি কৰিব বিচৰা ৮৩৫ মিটাৰ দীঘল আৰু ৫০ ফুট বহল এই পথটো কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত অৱস্থিত আৰু এই পথটো বডোলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যায়। ইয়াৰ সমান্তৰালকৈ কৈলাশ কলনীৰ ঘূৰণীয়া পথত উন্মোচন কৰা হ’ব বডোফাৰ প্ৰতিমূৰ্তি। অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হব । এই সন্দৰ্ভত বডোফাৰ স্মৃতিত এবছুৱে ১ মে’ৰ, বিয়লি ৫.৩০ বজাত সমগ্ৰ বিটিআৰ আৰু অসমৰ প্ৰতিটো ঘৰ, ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেল সম্বোধন কৰি সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে কয় যে, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মানুহে মৰ্যাদাসহ জীয়াই থকাৰ লগতে নিজকে সুৰক্ষিত ৰাখিব পৰাকৈ এখন সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।” তেওঁৰ ধাৰণাসমূহে নতুন প্ৰজন্মৰ মাজত শান্তিপূৰ্ণ জীৱন যাপন আৰু সামূহিক প্ৰগতিৰ দিশত উচিত পথ প্ৰদৰ্শন কৰি আহিছে। দেশৰ ৰাজধানীৰ মাজমজিয়াত এটা পথৰ নামকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্তি স্থাপন আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। ই তেওঁৰ কৰ্ম আৰু আদৰ্শৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছে। এবছু আৰু বডোসকলৰ দীৰ্ঘদিনীয়া দাবী আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথোচিত পদক্ষেপ আৰু সহায় সহযোগ আগবঢ়োৱাৰ বাবে ই সম্ভৱ হৈ উঠিল আৰু সেইবাবে তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ২০২৪ চনৰ ৬ ডিচেম্বৰত নতুন দিল্লীৰ সংসদ ভৱনত সদৌ বডো ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক পত্ৰ আৰু কোকৰাঝাৰ দোটমাত অনুষ্ঠিত ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত উপেন্দ্ৰ নাথ ব্ৰহ্ম মাৰ্গ আৰু প্ৰতিমূৰ্তিৰ নামকৰণৰ ঘোষণাৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৬ মাৰ্চ, ২০২৫ ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবেই এই কাৰ্য সম্ভৱ হৈ উঠিল। এই কথা দিপেন বড়োৱে কয়।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি