বনমন্ত্ৰী পাটোৱাৰীক ফৰাচী দলৰ সাক্ষাৎ

0 167

ফ্ৰান্সৰ পৰিৱেশ আৰু জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী সংস্থা এএফডিৰ ভাৰতীয় শাখাৰ সঞ্চালক ব্ৰুনো বছলেৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি জনতা ভৱনত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰে আৰু অসমত সংস্থাটোৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে।

উল্লেখযোগ্য যে বন নিৰ্ভৰশীল জনগোষ্ঠীসমূহৰ জীৱিকাৰ উন্নতি সাধন কৰাৰ সমান্তৰালকৈ বনাঞ্চল আৰু ৰাজ্যৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ পথ প্ৰশস্ত কৰিবলৈ এএফডি আৰু অসম চৰকাৰৰ সহযোগত বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰকল্প ৰূপায়িত হৈ আছে । এই প্ৰকল্পৰ প্ৰথম পৰ্যায় ২০১২ চনৰ পৰা ২০১৯ চনলৈ ৰূপায়ণ কৰা হৈছিল।২০১৯ চনত ইয়াৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে যাতে এক প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা আৰু বনবাসী সম্প্ৰদায়ক সবলীকৰণৰ লক্ষ্যসমূহ পূৰণ কৰিব পৰা যায়। প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ মুঠ বাজেট ৬২.৫ মিলিয়ন ইউৰো (৫০০ কোটি টকা) যাৰ ভিতৰত এ এফ ডিৰ অংশ মুঠ বাজেটৰ ৮০% – ৫ কোটি ইউৰো (৪০০ কোটি টকা) আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ল ২০% অৰ্থাৎ ১২.৫ মিলিয়ন ইউৰো (১০০ কোটি টকা) ।

প্ৰকল্পটোৰ দ্বাৰা নিৰ্ধাৰিত মুঠ ১২,৫০০ হেক্টৰ মাটিত বৃক্ষ ৰোপণৰ লক্ষ্যৰ ভিতৰত ৮,৯৯২ হেক্টৰ ভূমিত ইতিমধ্যে বৃক্ষ ৰোপণ কৰা হৈছে। বননিৰ্ভৰশীল সম্প্ৰদায়সমূহৰ উন্নয়নৰ প্ৰয়োজনীয়তা বুজিবলৈ অংশগ্ৰহণমূলক গ্ৰাম্য মূল্যায়নৰ লগতে ২০৩৯ টা পৰিয়ালক সামৰি লোৱা এটা জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে । তদুপৰি, ২৬৫টা সম্প্ৰদায়ৰ জীৱিকা উপাৰ্জনৰ উপায় বৃদ্ধিৰ বাবে কৌশল প্ৰস্তুত কৰা হৈছে।

অসম ভ্ৰমণৰ সময়ত এ এফ ডিৰ দলটোৱে ১১ নৱেম্বৰত কাজিৰঙাত অনুষ্ঠিত অ’এনএফআই (ফ্ৰেঞ্চ ফৰেষ্ট চাৰ্ভিচ ইণ্টাৰনেশ্যনেল)ৰ কৰ্মশালাতো অংশ লয় । তাৰোপৰি, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমন কৰি বান ব্যৱস্থাপনা, বন্যজীৱৰ যাতায়তৰ কৰিডৰ, মানৱ-বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনা আৰু চোৰাং চিকাৰ বিৰোধী ব্যৱস্থা আদিৰ দিশসমূহ বুজিবলৈ চেষ্টা কৰে ।

আজিৰ বৈঠকত ফ্ৰান্সৰ প্ৰতিনিধি দলে জৈৱ-বৈচিত্ৰ্য সুৰক্ষা আৰু ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে ফ্ৰান্স চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে ।দলটোৱে প্ৰকল্পৰ ধন ক্ষিপ্ৰতাৰে বিতৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে সময়মতে লক্ষ্যত উপনীত হ’ব পৰা যায়।

বনমন্ত্ৰী পাটোৱাৰীয়ে এ এফ ডিৰ প্ৰতিনিধি দলটোক তেওঁলোকে আগবঢ়ায় অহা সহায়-সহযোগিতা আৰু প্ৰকল্পটোৰ বাবে আগতীয়াকৈ ধন মুকলি কৰি দিয়াৰ বাবে ধন্যবাদ জনায় আৰু লগতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰকল্পৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বন বিভাগৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। ডিচেম্বৰ মাহত অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ত প্ৰকল্পটোৰ বাবে এ এফ ডিৰ পৰা লাভ কৰা ধন পৰিপূৰক বাজেটত অন্তৰ্ভুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

বৰ্তমানৰ ৩৬%ৰ পৰা অসমৰ বনাঞ্চল আৱৰণ ৩৮%লৈ বৃদ্ধি কৰাৰ ৰাজ্য চৰকাৰৰ লক্ষ্যৰ বিষয়ে অৱগত কৰি পাটোৱাৰীয়ে কয় যে এএফডি আৰু ফ্ৰান্স চৰকাৰৰ প্ৰকল্পসমূহ এই লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায়ক বুলি তেওঁ কয় । তেওঁ প্ৰতিনিধি দলটোক অসমত জৈৱ-বৈচিত্ৰ্য আৰু পৰিৱেশ সুৰক্ষাৰ এনেধৰণৰ অধিক প্ৰকল্পৰ ৰূপায়নৰ বাবে আহ্বান জনায়।
আজিৰ বৈঠকত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, পিচিচিএফ এম.কে. যাদৱ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.