১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰাম আৰু ভাৰত-পাকিস্তান যুদ্ধ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি.এছ.এফ) ২০ ডিচেম্বৰত সন্ধিয়া গুৱাহাটীৰ মাছখোৱাস্থিত লাচিত ঘাটত এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। অনুষ্ঠানটো মুকলি কৰে বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলটে। অনুষ্ঠানত উপ মহা পৰিদৰ্শক জে.কে.ৰুদোলাকে ধৰি বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কেবাজনো বিষয়া-বহুসংখ্যক জোৱান, তেওঁলোকৰ পৰিয়ালৰ লোক আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। আনহাতে অনুষ্ঠানত বাহিনীটোৰ কেবাজনো বিষয়া আৰু জোৱানে দেশপ্ৰেম মূলক সংগীত পৰিবেশন কৰে। তেনেদৰে বাহিনীটোৰ জাজবেণ্ড হিচাপে পৰিচিত দলটোৱে যন্ত্ৰসংগীতৰ মাধ্যমৰে সুৰৰ মূৰ্ছনাৰে সকলোকে আপ্লুত কৰে। তেনেদৰে তিনিখন বিশেষ বাহনত অনুষ্ঠিত প্ৰদৰ্শনীত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত দেশখনৰ মুক্তি বাহিনীক ভাৰতীয় সেনা আৰু বি.এছ.এফে কিদৰে স্বাধীনতা সংগ্ৰামত সহায় কৰিছিল তাক সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়।
Trending
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ