১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰাম আৰু ভাৰত-পাকিস্তান যুদ্ধ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি.এছ.এফ) ২০ ডিচেম্বৰত সন্ধিয়া গুৱাহাটীৰ মাছখোৱাস্থিত লাচিত ঘাটত এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। অনুষ্ঠানটো মুকলি কৰে বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জয় সিং গেহলটে। অনুষ্ঠানত উপ মহা পৰিদৰ্শক জে.কে.ৰুদোলাকে ধৰি বি.এছ.এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কেবাজনো বিষয়া-বহুসংখ্যক জোৱান, তেওঁলোকৰ পৰিয়ালৰ লোক আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। আনহাতে অনুষ্ঠানত বাহিনীটোৰ কেবাজনো বিষয়া আৰু জোৱানে দেশপ্ৰেম মূলক সংগীত পৰিবেশন কৰে। তেনেদৰে বাহিনীটোৰ জাজবেণ্ড হিচাপে পৰিচিত দলটোৱে যন্ত্ৰসংগীতৰ মাধ্যমৰে সুৰৰ মূৰ্ছনাৰে সকলোকে আপ্লুত কৰে। তেনেদৰে তিনিখন বিশেষ বাহনত অনুষ্ঠিত প্ৰদৰ্শনীত বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত দেশখনৰ মুক্তি বাহিনীক ভাৰতীয় সেনা আৰু বি.এছ.এফে কিদৰে স্বাধীনতা সংগ্ৰামত সহায় কৰিছিল তাক সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা