বাক্সা নিৰ্বাচনী জিলাখনৰ দুটা অংশত সমাগত লোকসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অধীনত ৪৩ নং তামুলপুৰ (জনজাতি) আৰু ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে তৃতীয় পৰ্যায়ত ৪১ নং মানস আৰু ৪২ নং বাক্সা (জনজাতি) বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব। আজি বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত সাধাৰণ পৰ্যবেক্ষক ডঃ এম আৰ ৰবি, আই এ এছৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সমাগত লোকসভা নিৰ্বাচন যাতে স্বচ্ছ, নিকা আৰু সুকলমে অনুষ্ঠিত হয়, তাৰ প্ৰতি সকলো বিষয়া-কৰ্মচাৰীকে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ একাংশ চে’লো পৰিদৰ্শন কৰে।আজিৰ সভাত আৰক্ষী পৰ্যবেক্ষক পানাছা ৰেড্ডী, আই পি এছ; ব্যয় পৰ্যবেক্ষক দীপক আনন্দ, আই আৰ এছ (আই টি); বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱা, এ চি এছ; সহকাৰী ব্যয় পৰ্যবেক্ষক; বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক তথা চে’লসমূহৰ ন’ডেল বিষয়াসকল উপস্থিত থাকে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান