কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ সৰহ সংখ্যক কৃষকে বিগত পাঁচটা বৰ্ষত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্ত্বাবধানত তৈল বীজৰ খেতি কৰি বীজ উৎপাদনৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মাটি নিৰ্বাচন ও প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি জাত নিৰ্বাচন, লগতে সাৰৰ প্ৰয়োগ , অন্যান্য বৈজ্ঞানিক প্ৰদ্ধতি অৱলম্বনৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ বিজ্ঞানী ও বিশেষজ্ঞ সকলৰ পৰা অহৰহ দিহা পৰামৰ্শ যোগান ধৰি আহিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগে লগে কৃষকসকল তৈল বীজ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হবলৈ সক্ষম হৈছে আৰু অর্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে বুলি কৃষকসকলে ব্যক্ত কৰে। বিগত ২০২১-২২ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে কেন্দ্ৰটোৱে কৃষকৰ পথাৰত আৰু কেন্দ্ৰৰ পামত সৰিয়হৰ বীজ উৎপাদনৰ ক্ষেত্ৰত লগতে উৎপাদিত বীজ কৃষকক বিতৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈ আহিছে। উল্লেখযোগ্য যে ২০২১-২২ বৰ্ষত ৩১৫.৬০ কুইন্টল , ২০২২-২৩ বৰ্ষত ৩৩১.২০ কুইন্টল, ২০২৩-২৪ বৰ্ষত ৫৮৫ কুইন্টল, ২০২৪-২৫ বৰ্ষত ৬১৫ কুইন্টল কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্ত্বাৱধানত প্ৰমাণিত বীজ উৎপাদন কৰিবলৈ ইতিমধ্যেই সক্ষম হৈছে । লগতে ২০২৫-২৬ বৰ্ষৰ বাবেও ৭০০ কুইন্টলতকৈ অধিক বীজ উৎপাদন হব বুলি আশা কৰা হৈছে। মন কৰিবলগীয়া দিশটো এই য়ে যে উৎপাদিত বীজৰ ভিত্তিত ২০২১-২২ বৰ্ষত উৎপাদিত বীজৰে ৪২০০ হেক্টৰ মাটি কালি সৰিয়হ খেতিৰ বাবে সামৰি লোৱাৰ বিপৰীতে ক্ৰমশঃ বৰ্ধিত উৎপাদিত বীজেৰে ২০২৫-২৬ বৰ্ষত ৮২০০ হেক্টৰ মাটিকালি সামৰিবলৈ সক্ষম হৈছে এক বৃহৎ সফলতাৰে। উল্লেখনীয় যে সৰিয়হৰ ( Rapeseed) বীজ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰায় ১০ টা তৈল বীজ উৎপাদন কেন্দ্ৰৰ ভিতৰত অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপস্থিত উৎপাদন কেন্দ্ৰটো অন্যতম এক সফল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। অন্যহাতে, উৎপাদিত সৰিয়হৰ প্ৰমাণিত বীজ ( জাত – টি এচ -৩৮) অসমৰ প্ৰায় সকলো জিলাত বিতৰণৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়ভাগ ৰাজ্যত লগতে উৰিষ্যা, বিহাৰ, ৰাজস্থান আদি ৰাজ্যলৈও এই গুণগত বীজৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ হৈ উঠিছে একমাত্ৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী- বিষয়া আৰু ইয়াৰ লগত জড়িত কৃষক সকলৰ অবিৰাম প্ৰচেষ্টাৰ ফলত।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index