কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) গুৱাহাটীৰ পশ্চিম প্ৰন্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত আজি পশ্চিম গুৱাহাটীৰ ৰাণীৰ সমীপৰ অসম -মেঘালয় সীমান্তবৰ্তী মৈৰাপুৰ অঞ্চলত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। বাহিনীটোৰ জনহিতাৰ্থে কাৰ্যসূচী তথা আচনিৰ অধীনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰকল্প ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সংযোগত অনুষ্ঠিত শিবিৰ আৰু স্বাস্থ্য সজাগতা সভা উদ্বোধন কৰে ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ কামাণ্টেণ্ড সুভাষ চন্দ্ৰ শৰ্মাই।উদ্বোধনী অনুষ্ঠানত চেকেণ্ড ইন কামাণ্ড এম এছ ৰাথোড়, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডা: এ কে ঠাকুৰ, ডেপুটি কামাণ্ডেণ্ট আবুল ৰহিম, সহকাৰী কামাণ্ডেণ্টদ্বয় ৰবি মিশ্ৰ আৰু প্ৰমোদ কুমাৰকে ধৰি বাহিনীটোৰ কেইবাগৰাকী বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক ক্ৰমে ডা: বিদ্যুৎ ভট্টাচাৰ্য, ডা: চাহিন চাজিদ, ডা: স্বপন কুমাৰ সিনহা, ডা: আদিত্য সন্দিকৈ, ডা: ৰহিদুল ইছলাম, ডা: খঞ্জন নাথ, ডা: যাদৱ চন্দ্ৰ শৰ্মাকে ধৰি ইউ এন ডি পি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কেইবাগৰাকী বিষয়া উপস্থিত ৰাইজক কেনেধৰণৰ সাৱধানতা, সতৰ্কতা অৱলম্বন কৰি বহু সৰু-সুৰা বেমাৰৰ পৰা হাত সাৰি থাকি এক সুস্থ সবল নিৰোগী জীৱন কটাব পাৰি তাৰ বিষয়ে ব্যৱহাৰৰ বাখ্যা দাঙি ধৰে।আনহাতে পুৱা ১০ বজাৰ পৰা বিয়লী ৩ বজালৈ অনুষ্ঠিত স্বাস্থ্য শিবিৰত চিকিৎসকৰ দলটোৱে শিশু, মহিলাকে ধৰি পাচ শতাধিক লোকৰ ৰক্ত চাপ, ব্লাড চুগাৰ, হৃদযন্ত্ৰকে ধৰি সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ লক্ষণ, প্ৰতিকাৰ, চিকিৎসা সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়ায়।১৭৫ বি এন চি আৰ পি এফৰ কামাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ামতে বাহিনীটোৱে জনহিতকৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু আন সামাজিক কাম সম্পন্ন কৰিব।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা