বিশ্বাস অবিশ্বাসৰ দোমোজাত-২০২১চন কেনে হ’ব

0 344

২০২০ বৰ্ষটো কিদৰে পাৰ হ’ল সকলোৱে জ্ঞাত।মহামাৰী ক’ৰণাৰ গ্ৰাসে সমগ্ৰ বিশ্ববাসীৰ জনজীৱন স্তব্ধ কৰি পেলালে।ইয়াৰ উপৰিও বহু কেইগৰাকী জনপ্ৰিয়, বিখ্যাত লোকক হেৰুৱালো। এক কথা কবলৈ গ’লে ২০২০বৰ্ষটো বৰ সুখৰ নহ’ল।
আৰু কেইটামান দিনৰ পিছতে ২০২১ বর্ষত দিম। এই বৰ্ষটোক লৈ বহুতে বহুতো কল্পনা জল্পনা কৰিছে।পিছে এই সময়তে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে ভৱিষ্যতবক্তা BABA Vanga ৰ নাম।
কিয়নো BABA vanga য়ে কৰা ১০০ ভৱিষ্যত বাণীৰ ভিতৰত ৮৭ টা ভৱিষ্যত বাণী বৰ্তমানলৈকে সঠিক বুলি প্ৰমাণিত হৈছে।উল্লেখযোগ্য যে BABA vanga আছিল এগৰাকী ডেষজ চিকিৎসক।
এতিয়া আহো BABA vanga কৰা কি কি ভৱিষ্যত বাণী সঠিক বুলি প্ৰমাণিত হৈছে।ৱল্ড ট্রেৰ্ড চেণ্টাৰৰ ধ্বংসৰ কথা,জাপানৰ চুনামি কথা আৰু লেডী ডায়নাৰ মৃত্যু কথা।
আচলতে বাবা ভাঙ্গা নো কোন আছিল? তেখেত আছিল এজন বালগৰিয়াৰ ভৱিষ্যতবক্তা।তেখেত জন্মতে অন্ধ নাছিল।ল’ৰালি কালত এখন পথাৰত খেলি থাকোতে প্ৰচণ্ড ধূলি ধুমুহাৰ কবলত পৰি তেখেত অন্ধ হৈ পৰিছিল।আৰু তেতিয়াৰে পৰা বিভিন্ন ভৱিষ্যত বাণী কৰিছিল।পেৰা নৰ্মেল কাৰ্য্যকলাপৰ লগত জৰিত হৈ পৰিছিল।১৯৯৬ চনৰ ১১ আগষ্টত তেখেতৰ মৃত্যু হৈছিল।
২০২১ বর্ষক লৈ BABA vanga য়ে কি কৈছিল। তেখেতৰ মতে বহি জগতৰ প্ৰাণীৰ লগত পৃথিৱী বাসীৰ সংযোগ ঘটিব।কেঞ্চাৰ মহামাৰীৰ ঔষধ বিশ্ববাসীয়ে বিচাৰি পাব , বিশ্বত ডেগনে ৰাষ্ট্ৰই প্ৰভুত্ব চলাব।আৰু ২০২১ চনত ৰাছিয়াৰ আকাশত খহি পৰিবলগীয়া উল্কাপিণ্ডই সমগ্ৰ বিশ্বতে প্ৰাকৃতিক দুৰ্যোগৰ সূচনা কৰিব।ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প কোনো ৰোগত আক্রান্ত হ’ব ।উল্লেখযোগ্য যে বাবা ভাঙ্গাই ৫০৭৯ বৰ্ষলৈকে ভৱিষ্যত বাণী কৰা আছে।এই সমূহ ভৱিষ্যত বাণীক লৈ সম্প্ৰতি বিজ্ঞ মহলত চৰ্চা চলিছে।

Leave A Reply

Your email address will not be published.