দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চিআৰপিএফ, হোমগাৰ্ড, এনএছগোট, অসম বেটেলিয়ানে অনুষ্ঠিত কৰিছে মাৰ্চপাষ্ট।বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে হাটশিঙিমাৰীৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই মাৰ্চপাষ্ট।আজি পুৱা ৮ বজাত অনুষ্ঠিত এই মাৰ্চপাষ্টত জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, 26 আইআৰ বেটেলিয়ান কমাণ্ডেন্ট সুমন চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া,কৰ্মচাৰীসকলো উপস্থিত থাকে।উল্লেখ্য যে এই মাৰ্চপাষ্টৰ দলটোৱে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখেদি হাটশিঙিমাৰী মানকাচৰ পথেৰে হাটশিঙিমাৰীস্থিত ভাৰতীয় ষ্টেট বেংক লৈ এক শোভাযাত্ৰা কৰি পুনৰ মহাবিদ্যালয় খেল পথাৰত উপস্থিত হয়।
Trending
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন