বুথ সমাৰোহ সম্পন্ন

0 289

WhatsApp Image 2018-03-24 at 5.27.33 PM

পঞ্চায়তীৰাজ ব্যৱস্থা নিকা হ’লেহে  দেশৰ প্ৰগতি সম্ভৱ। মূল্যবোধৰ আধাৰত আমি সকলোৱে কাম কৰিব লাগিব। চৰকাৰী আঁচনি সমূহ ৰূপায়ন হৈছে নে নাই তাৰ প্ৰতি নজৰ ৰখাৰ দায়িত্ব আমাৰ। “টীম আচাম” মানসিকতাৰে কাম কৰিলেহে আগুৱাই যোৱা সম্ভৱ। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত প্ৰথমবাৰৰ অনুষ্ঠিত হোৱা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত বুথ সমাৰোহত এই মন্তব্য কৰে।

WhatsApp Image 2018-03-24 at 5.28.14 PM

অনুষ্ঠানত বি জে পি ৰ ৰাজ্যিক সভাপতি অমিত শ্বাহ উপস্থিত থাকি বি জে পি চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি মন্তব্য কৰে যে উজলা যোজনাৰ অধীনত ৯ লাখ দুখীয়া মহিলাই গেছ চিলিণ্ডাৰ পাবলৈ সক্ষম হ’ল। চৰকাৰৰ অধীনত বহুতো গাঁৱত বিজুলীৰ ব্যৱস্থা লাভ কৰাৰ কথা জানিবলৈ দিয়ে। অনুষ্ঠানত বি জে পি ৰাজ্যিক সভাপতি, মন্ত্ৰীৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.