বোকাখাতত মন্ত্ৰী অতুল বৰা-ক’ৰণা ভাইৰাছ সম্পৰ্কত শেহতীয়া পৰিস্থিতি বুজ ল’লে

0 267

ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত, আমাৰ ৰাজ্যখনটো ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে, মাননীয় প্ৰধানমন্ত্ৰী নিৰ্দেশনাত ভাৰতৰ লগতে অসমতো সম্পূৰ্ণ ভাৱে “লক ডাউন” কৰা হৈছে ।
 
 
মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেট মন্ত্ৰী অতুল বৰাক যোৰহাট আৰু গোলাঘাটৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব প্ৰদান কৰাত দিশপুৰৰ পৰা মন্ত্ৰীগৰাকীয়ে উজনিলৈ ৰাওনা হৈছে । আজি প্ৰথম পৰ্য্যায়ত বোকাখাতৰ আৱৰ্ত ভৱনত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকীয়ে বোকাখাত মহকুমা প্ৰশাসন, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ, যোগান বিভাগৰ লগত এক আলোচনাত মিলিত হৈ বোকাখাত মহকুমাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷
 
 
 
কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা বোকাখাতৰ মহকুমা প্ৰশাসনৰ লগতে আন আন বিভাগ সমূহক পৰামৰ্শ আগবঢ়ায় ৷ বোকাখাত সমষ্টিৰ ৰাইজক সজাগতা অৱলম্বন কৰি বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।
 
 
ঘৰতে থাকি নিজৰ লগতে পৰিয়ালৰ জীৱন সুৰক্ষা কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে সমষ্টিবাসীক আহ্বান জনায় ।

‌খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.