বোকাখাত আৰক্ষী থানালৈ উচ্চ প্ৰযুক্তিৰ চি চি টি ভিৰ কেমেৰা প্ৰদান কৰিলে অৰণ্যকে

0 242

অৰণ্যক ! এটা বেচৰকাৰী স্বেচ্ছাসেৱী প্ৰকৃতিপ্ৰেমী সংগঠন ৷ ১৯৮৭ চনতে জন্ম গ্ৰহণ কৰা প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে বিভিন্ন সময়ত বিভিন্ন জনহিতকৰ কাম কৰি আহিছে ৷ বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত হোৱা পথ দূৰ্ঘটনা বা যানবাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰিও বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন কৰাত সহায়ক হোৱাকৈ দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন অৰণ্যকে বোকাখাত আৰক্ষী থানাত দুটা উচ্চ শক্তি সম্পন্ন চিচি টিভি কেমেৰা প্ৰদান কৰিছে ৷
 
 
ইয়াৰ পূৰ্বে অলপতে গোলাঘাট আৰক্ষীক দুখন পালচাৰ মটৰ চাইকেলো প্ৰদান কৰিছে সংগঠনটোৱে ৷ আজি পুৱা বোকাখাত আৰক্ষী থানাত গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ হাতত আৰণ্যকৰ আইন কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টাচাৰ্যই আনুষ্ঠানিক ভাৱে কেমেৰা দুটা প্ৰদান কৰে ৷
 
 
বোকাখাতৰ ৰূপজ্যোতি কম্পিউটাৰে সংস্থাপিত কেমেৰা দুটাই বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন আৰু পথ দুৰ্ঘটনা বা যানবাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰিও অনান্য অপৰাধ নিয়ন্ত্ৰনতো সহায় কৰিব বুলি মন্তব্য কৰে আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াই ৷
 
 
বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত আৰণ্যকৰ কৰ্মকৰ্তাৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু ইমজাৰ হৈ দিব্যজ্যোতি হাজৰিকা, মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু যানবাহন শাখাৰ বিষয়া গোবিন কাকতিয়ে বোকাখাত আৰক্ষীক সহায় কৰাৰ বাবে আৰণ্যকৰ শলাগ লয় ৷
 
 
অনুষ্ঠানৰ শেষত কেমেৰাৰ বুটাম টিপি চিচি টিভি কেমেৰাৰ কাৰ্যৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই ৷ অনুষ্ঠানত বোকাখাতৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক, বোকাখাত আৰক্ষী থানাৰ সমূহ আৰক্ষীৰ লগতে আৰণ্যকৰ মঃ আৰিফ হুছেইন উপস্থিত থাকে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.