অহা ২১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনী ব্যয় পঞ্জীসমূহৰ পৰীক্ষণ কালি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক ব্ৰুন্দাবন বেহেৰা, নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক টি পি চেলিম কুমাৰ আৰু জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈৰ উপস্থিতিত সম্পন্ন হয়।নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক ব্ৰুন্দাবন বেহেৰাৰ লগতে এই পৰীক্ষণ কাৰ্য্যসূচীত উপস্থিত থাকে সহকাৰী নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক সঞ্জয় মজুমদাৰ কোষাগাৰ বিষয়া সুশীলা আহোম অগ্ৰণী জিলা প্ৰৱন্ধক প্ৰবীণ সোনোৱাল জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈ জনসংযোগ বিষয়া জয়ন্ত মাউত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সত্যজিত কৰ আদিকে ধৰি নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ অন্যান্য বিষয়া সকল।ইয়াৰ উপৰিও পৰীক্ষণ কাৰ্য্যসূচীত চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন বেংকৰ বিষয়া সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্ট সকলেও অংশগ্ৰহণ কৰে।সভাৰ শেষত চৰাইদেউ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক ব্ৰুন্দাবন বেহেৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাথী দুজনৰ নিৰ্বাচনী ব্যয় দৈনিক ভিত্তিত সংশ্লিষ্ট নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষক দাখিল কৰিবলৈ আহ্বান জনায়।অন্যহাতে জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে আগন্তক অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধান সভা সমষ্টিত মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে উপ নিৰ্বাচন অনুষ্ঠিত কৰাত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে।
Trending
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন