ক’ভিড মহামাৰীৰ পৰা বৰঝাৰ বিমান বন্দৰত কৰ্মৰত বিষয়া – কৰ্মচাৰীৰ লগতে বিমান বন্দৰত কৰ্মৰত বিভিন্ন বিমান সেৱাৰ কৰ্মচাৰী , তেওঁলোকৰ পৰিয়ালৰ লোক সকলক ৰক্ষা কৰিবৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলে আৰম্ভণিৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আনকি এমাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ টীকাকৰণ পৰ্ব সমাপ্ত হোৱাৰ পাছত ৩ মে’ৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত কৰ্মৰত আৰু ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো বিষয়া কৰ্মচাৰীৰ বাবে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ শিবিৰ আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন , অসমৰ সহযোগত অনুষ্ঠিত শিবিৰত প্ৰথম দিনটোতে প্ৰাধিকৰণৰ বিষয়া – কৰ্মচাৰীকে ধৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যসহ প্ৰায় ১,২০০ জনে টীকাকৰণৰ বাবে নাম পঞ্জীয়ন কৰে । ইয়াৰ ভিতৰত ৩ মে’ৰ দিনটোত সন্ধিয়ালৈ প্ৰায় ৬০০ জনক ক’ভিডৰ দ্বিতীয়টো টীকাকৰণ কৰা হয় । আনহাতে এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে কয় দেশত সম্প্ৰতি বিভীষিকাৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ বিৰুদ্ধে চলি থকা যুজঁখনত আমি যিকোনো মূল্যৰ বিনিময়ত জয়লাভ কৰিবই লাগিব । তাৰ বাবে এই টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি ব্যক্ত কৰি ইয়াত নাম পঞ্জীয়ন কৰা সকলোকে টীকা প্ৰদান কৰা হব বুলি ৰমেশ কুমাৰে ব্যক্ত কৰে । উল্লেখযোগ্য যে বিগত সময়চোৱাত বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ভালে কেইজন বিষয়া – কৰ্মচাৰী , অভিযন্তা ক’ভিডত আক্ৰান্ত হৈছে । ইয়াৰে বেছিভাগেই সুস্থ হৈ পৰৱৰ্তী সময়ত পুনৰ কামত যোগদান কৰাৰ বিপৰীতে আন কেবাজনো এতিয়াও হোম আইছ’লেছনত আছে।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান