মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ “কাব্যকু়ঞ্জ”ত আজি বিশিষ্ট লেখক, গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি” শুভ উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে কয়- ভূপেন হাজৰিকাই সকলো স্তৰৰ লোকৰ বাবে গীত লিখিছিল। সমাজ সচেতনতাৰ পৰা প্ৰেম-প্ৰীতি, সুখ-দুখ, বিষাদ, বিধবা বিবাহ আদিৰ বিষয়ে গীত ৰচিছিল। অসম, উত্তৰ-পূৱৰ প্ৰতিটো ভূমিপুত্রৰ কাৰণে লিখিছিল। সমন্বয় গঢ়িবলৈ তেখেত আশাবাদী। সোণালী সুদিন ঘূৰাই আনিবৰ বাবে বহু অহোৰাত্ৰী গীত গাই ৰাইজক জগাই তুলিছিল। শচীন দাসৰ ভূপেন হাজৰিকাৰ বিষয়ে লিখা গ্ৰন্থখনিয়ে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্মই অতিথিৰ ভাষণত কয়- অসমখনক আগুৱাই নিবৰ বাবে ভূপেন দাই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছিল। অসমৰ ভাষা-সাহিত্য-সংস্কৃতি, অৰ্থনীতি আদিৰ বিকাশৰ বাবেও অহোপুৰুষাৰ্থ কৰিছিল। অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক, গীতিকাৰ-সুৰকাৰ অৱনী ৰঞ্জন পাঠকে অতিথিৰ ভাষণত কয়- পাহাৰ-ভৈয়াম, জাতি-জনজাতি আদি প্ৰতিজন অসমৰ মানুহৰ বাবে ভূপেন হাজৰিকাই গীত লিখি, কন্ঠ নিগৰাই, মানুহে মানুহৰ বাবে থকা দায়বদ্ধতা প্ৰকাশ কৰিছিল। “বহুবাক”ৰ প্ৰধান সম্পাদক, লেখক, সাংবাদিক দীপক শৰ্মা ই আত ধৰি কয়- ভাৰতৰত্ন, সংগীতৰত্ন ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে হ’লেও সাহিত্যৰ নৱেল বঁটা প্ৰদান কৰিব লাগে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো দল-সংগঠনে আগবাঢ়ি আহি জনমত গঠন কৰিব লাগে। সভাত অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক তথা নাট্যকাৰ গিৰিধৰ ৰয়, লেখক শচীন দাস, ব্যৱসায়ী গগন চন্দ্র ডেকা প্ৰভৃতিয়ে ভাষণ দিয়ে।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন