শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী ৰাইজৰ উদ্যোগত অহা ৮মাৰ্চৰ পৰা১০মাৰ্চলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে ভাগৱত বাখ্যা মহোৎসৱ।প্ৰথমদিনা ৮মাৰ্চত পুৱা সাত বজাত সাউদকুছি সত্ৰৰ পুতুল মহন্তই আসন প্ৰতিষ্ঠা কৰা পিছতেই বন্তি প্ৰজ্বলন সমূহীয়া প্ৰাৰ্থনা,বৃক্ষৰোপণ কৰা হ’ব।উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনিল মহন্তই উদ্বোধন তোৰণ উদ্বোধন কৰাৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰাই।পুৱা ৯বজাত ভাগৱত ভ্ৰমণ উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে।নামপ্ৰসংগৰ পিছতেই এঘাৰ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভাগৱত বাখ্যা মহোৎসৱ উদ্বোধন কৰিব আউনীআটী সত্ৰৰ ডেকা অধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে।দ্বিতীয়া দিনা পুৱা চাফাই অভিযানৰ পিছতেই পুনৰ ভাগৱত বাখ্যা অনুষ্ঠান আৰম্ভ হ’ব।ইয়াৰ পিছতেই উন্মোচন কৰা হ’ব এখনি স্মৃতিগ্ৰন্থ,উন্মোচন কৰিব দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে।তৃতীয় দিনা অৰ্থাৎ শেষৰ দিনা দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে ভাগৱত ৰস সিন্ধু শ্ৰীমন্ত শংকৰদেৱ যুৱ সমাজৰ সভাপতি ৰিজু পাঠক,শিখ পুৰোহিত জ্ঞানী জজবীৰ সিং,গীতা মিছনৰ অধ্যক্ষ ড°মণি কাশ্যপে অংশ গ্ৰহণ কৰিব।আৰু সেইদিনাই ভাগৱত বাখ্যা মহোৎসৱত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজক একোখনকৈ গীতা দান কৰা হ’ব।সন্ধিয়ালৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা “দ্বিবিদৰ মুক্তি লাভ,বলোৰাম হস্তিনা উদ্ধাৰ”ভাওনা প্ৰদৰ্শন কৰিব।তিনিদিনীয়া ভাগৱত মহোৎসৱত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি,সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ মুখ্যব্যৱস্থাপক পাৰ্থপ্ৰতিম বৰা আৰু মণ্টু গগৈয়ে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
Trending
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
- গোলাই চোৰ ২০২৫ বৰ্ষৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত