ভাৰতত ১০ নিযুততকৈ অধিক মৃগীৰোগী আছে- ডাঃ নোমল চন্দ্ৰ বৰা

0 198

আন্তঃৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মৃগীৰোগৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে আজি জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ মূল বিষয়বস্তু হ’ল “Step up against Stigma”। যিকোনো বয়সৰ ব্যক্তিয়ে মৃগীৰোগত আক্ৰমন্ত হ’ব পাৰে। প্রতিটো বয়সৰ ব্যক্তিৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসা বেলেগ বেলেগ ধৰণৰ হয়।

জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ প্ৰসেনজিৎ ডেকাই সাংবাদিক সকলক সম্বোধি কয় যে “মৃগীৰোগ অভিশাপ নহয়, সৰহ সংখ্যক মৃগীৰোগীৰে চিকিৎসা সম্ভৱ। মৃগীৰোগ হ’ল মগজুৰ এক ৰোগ। আমাৰ প্রায় অধিকসংখ্যক লোকেই মৃগীৰোগ বুলিলে কেৱল ফিট হোৱাটোকে একমাত্ৰ লক্ষণ বুলি ভাবে। কিন্তু প্রকৃতাৰ্থত মৃগীৰোগ মানে কেৱল এগৰাকী ব্যক্তি ফিট হোৱাতেই সীমাবদ্ধ নহয়। আমাৰ ৰাজ্যত প্রায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্ৰান্ত৷ কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ’ল আমাৰ অধিকসংখ্যক ৰোগীয়ে অচিনাক্ত অৱস্থাত আছে। যাৰ ফলত তেওঁলোক চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। এগৰাকী মৃগীৰোগীয়ে অন্য ১০জন লোকৰ দৰে চাকৰি কৰিব পাৰে, খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে তথা বিয়া-বাৰু কৰাই সুস্থ জীৱন যাপন কৰিব পাৰে।”

বহুবছৰ ধৰি দৰৱ খোৱাৰ পিছতো কিছুমান মৃগীৰোগী সম্পূৰ্ণকৈ আৰোগ্য নহয়। এনে ৰোগীক বিশেষভাৱে যত্ন লোৱাটো প্রয়োজনীয় আৰু মাজে মাজে চিকিৎসকৰ পৰামৰ্শ লৈ থকাটো অতি দৰকাৰ। এই বছৰ আন্তঃৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ লগত সংগতি ৰাখি ছয়মাইলস্থিত মৃগীৰোগ সৰ্বসেৱা কেন্দ্ৰত প্রতি বুধবাৰে এখনি মৃগীৰোগ চিকিৎসা ক্লিনিকৰ ব্যৱস্থা কৰা হৈছে।

জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুৰোগ পৰামৰ্শদাতা ডাঃ বিবেকানন্দ লাহনে জনাই যে ‘মৃগীৰোগৰ ৪০টাতকৈও অধিক লক্ষণ আছে। মৃগীৰোগৰ বিষয়ে চিকিৎসকৰ লগতে সৰ্বসাধাৰণ লোকেও মৃগীৰোগৰ লক্ষণসমূহৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। চিকিৎসকৰ লগতে সৰ্বসাধাৰণ ৰাইজে মৃগীৰোগৰ লক্ষণবোৰৰ বিষয়ে সহজতে জানিব পাৰিলে ৰোগীৰ চিকিৎসাও সোনকালে সম্ভৱ হ’ব। যথোপযুক্ত পৰীক্ষা-নিৰীক্ষা আৰু সঠিক দৰবৰ দ্বাৰা ৭৫শতাংশ মৃগীৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়। আনহাতে, বাকী থকা ২৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত আমি ভিডিঅ’ ই ই জি, এম আৰ আই আৰু নিউৰ’চাইক’লজীৰ মূল্যায়নৰ সহায় লও৷

সংবাদমেলখনত জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মনে জনায় যে “মগজুৰ একেটা অংশৰ পৰা বাৰে বাৰে চিজাৰৰ (মৃগীৰোগৰ এক লক্ষণ) উৎপত্তি হৈ থকা বুলি প্রমাণিত হ’লে অস্ত্ৰোপচাৰৰ দ্বাৰা সেই অংশটো কাটি পেলোৱা হয়। অস্ত্ৰোপচাৰৰ দ্বাৰা মৃগী ৰোগটো বহু ক্ষেত্ৰত নিৰাময় বা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। মৃগীৰোগৰ প্রকৃত উৎপত্তিস্থল আৰু কাৰণ সঠিক ৰূপত চিনাক্ত কৰিব পাৰিলেহে ৰোগী বিশেষে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয়।

বিভিন্ন ধৰণৰ পৰীক্ষা-‌নিৰীক্ষাৰ দ্বাৰা আমি অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ হৈ উঠিব পৰা ৰোগীসকলক চিনাক্ত কৰিব পাৰো। অস্ত্ৰোপচাৰৰ দ্বাৰা ১৫ শতাংশ মৃগীৰোগীক সুস্থ কৰি তুলিব পৰা যায়৷ মৃগীৰোগত আক্ৰান্ত শিশুৰ ক্ষেত্ৰত সময়োপযোগী চিকিৎসাৰ অভাৱত শিশু এটি মানসিক বিকাশত বাধাগ্ৰস্ত হ’ব পাৰে বুলি জনায় জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম গোবেলে।

জিএনআৰচি ছয়মাইলৰ মনোবৈজ্ঞানিক বেদান্ত ফুকনে সংবাদমেলখনত উপস্থিত থাকি জনাই যে “মৃগীৰোগৰ ওপৰত থকা সমাজৰ ভ্ৰান্ত ধাৰণাসমূহ নাইকিয়া কৰি পৰিয়াল, আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱীয়ে ইতিবাচক চিন্তাধাৰাৰ ৰোগীগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ লগতে চিকিৎসকে প্রদান কৰা ঔষধ নিয়মিতভাৱে সেৱন কৰি আৰু চিকিৎসকৰ লগত নিয়মিত পৰীক্ষা কৰাত ৰোগীগৰাকীক উৎসাহিত কৰিব লাগে। লগতে ৰোগীগৰাকীয়ে আনৰ নেতিবাচক মতামতলৈ গুৰুত্ব নিদি নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰিব লাগে। চিকিৎসকৰ পৰা ৰোগীগৰাকীয়ে নিয়মিত পৰামৰ্শ লৈ থাকিলে মৃগী ৰোগীৰ মনোবল বৃদ্ধি হোৱাত যথেষ্ট পৰিমাণে অৰিহনা যোগায়৷

ডাঃ নোমল চন্দ্ৰ বৰাই জনায় যে ‘মৃগীৰোগ প্রতিৰোধ আৰু চিকিৎসাৰ বিষয়ে সংবাদ মাধ্যমেই জনগণক সচেতন কৰি তোলাৰ একমাত্ৰ মাধ্যম । ইয়ে পৰৱৰ্তী পৰ্যায়ত সমাজ নিৰ্মাণত সহায়ক হৈ উঠিব আৰু সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিৰ যি উদ্দেশ্য তাক সফল কৰি তুলিব।

Leave A Reply

Your email address will not be published.