ভাৰতত ২৪ ঘণ্টাত ১.৪০ লাখ আগতীয়া বুকিঙেৰে ছেমছাং Galaxy S23ৰ অভিলেখ

0 176

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা বৈদ্যুতিক প্ৰতিষ্ঠান ছেমছাঙে ভাৰতত মুকলি কৰা Galaxy S23 শৃংখল অভিলেখ সংখ্যক আগতীয়াকৈ বুকিং কৰিছে। মুকলি কৰাৰ প্ৰথম ২৪ ঘণ্টাত দেশত ১.৪০ লাখৰো অধিক Galaxy S23 আগতীয়াকৈ বুকিং কৰা হৈছিল। যি ছেমছাঙৰ ধ্বজাবাহী সজুলিৰ বুকিঙৰ নতুন অভিলেখ। ছেমছাঙে ২ ফেব্ৰুৱাৰীত দেশৰ সমগ্ৰ অনলাইন আৰু অফলাইন খুচুৰা বিপণীত নিজৰ নতুন Galaxy S23 শৃংখলৰ আগতীয়া বুকিং মুকলি কৰিছিল।

“Galaxy S23 শৃংখল হৈছে এক প্রজন্মগত উন্নতি, শ্ৰেষ্ঠ উদ্ভাৱনৰ সৈতে এই সজুলিয়ে পৰিবেশৰ ওপৰত যথেষ্ট কম প্ৰভাৱ পেলায়। প্ৰথম ২৪ ঘন্টাত অভিলেখসংখ্যক আগতীয়া বুকিঙে দিক নিৰ্ণায়ক কেমেৰা, ভৱিষ্যমুখী মোবাইল গেমিঙৰ অভিজ্ঞতা আৰু পৰিবেশ-মিত্ৰ সজুলি ক্ষমতাৰে সম্পন্ন Galaxy S23ৰ প্ৰতি ভাৰতীয় গ্ৰাহকৰ মাজত উৎকণ্ঠাক প্রতিফলিত কৰিছে। নতুন Galaxy S23 শৃংখল নয়ডাৰ কাৰখানাত তৈয়াৰ কৰা হ’ব, যি ভাৰতৰ উৎপাদন আৰু বিকাশৰ প্রতি আমাৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। এই মন্তব্য চেমচাং ইণ্ডিয়াৰ মোবাইল বিজনেছৰ জেনেৰেল মেনেজাৰ সন্দীপ পছৱালে।

Galaxy S23 আলট্ৰা এডান্টিভ পিক্সেলসহ সম্পূৰ্ণ নতুন ২০০ এম পি ছেন্সৰৰ সৈতে উপলব্ধ, যি উত্তম বিৱৰণৰ সৈতে ফটো আবদ্ধ কৰে। ছুপাৰ কুৱাড পিক্সেল এ এফ ৰ সহায়ত পিছদিশৰ কেমেৰাই ৫০% বেছি দ্ৰুততাৰে বিষয়বস্তুত দৃষ্টিপাত কৰিব পাৰে। Galaxy S23 শৃংখল ৰ সন্মুখৰ কেমেৰাত বৰ্তমান নাইট’গ্ৰাফীৰ লগতে ডুৱেল পিক্সেল অট’ফ’কাছ প্ৰযুক্তি আছে, ইয়াৰ জৰিয়তে কম আলোকতো সন্মুখৰ কেমেৰাৰ দ্বাৰা ফটো গ্ৰহণ কৰিব পাৰি। ডুৱেল পিক্সেল, অট’ফ’কাছ প্ৰযুক্তিয়ে সন্মুখৰ কেমেৰাৰ পৰা ৬০% দ্ৰুত দৃষ্টিপাত নিশ্চিত কৰে।

নিশা মসৃণ আৰু উত্তম ফলাফলৰ বাবে ছুপাৰ এইচ ডি আৰ, পৰিবৰ্ধিত হুলস্থূল প্ৰতিৰোধী প্রণালী আৰু দুগুণ ব্যাপক অ’ আই এছৰ সৈতে Galaxy S23ৰ ভিডিঅ’ অধিক চিনেমেটিক হৈ পৰে।Galaxy S23 শৃংখলত আছে অনুকূলিতভাৱে ডিজাইন কৰা স্নেপড্ৰেগন অষ্টম প্ৰজন্ম ২ মোবাইল মাধ্যম, যি
দ্ৰুততম মোবাইল গ্ৰাফিক্স প্ৰদান কৰে। নিৰ্ভৰযোগ্য গেমিং প্ৰদৰ্শনৰ বাবে Galaxy S23 শৃংখলত আছে ২.৭ গুণপৰ্যন্ত ডাঙৰ বাষ্প শীতলীকৰণ চেম্বাৰ।

Galaxy S23 শৃংখলে মোবাইল গেমিং অভিজ্ঞতাক উত্তম স্তৰলৈ বহন কৰিছে। প্ৰকৃত মোবাইল গেমিঙৰ সৈতে উপলব্ধ হোৱা হেতুকে Galaxy S23 আলট্ৰাই ৰিয়েল-টাইম ৰে’ ট্ৰেচিঙৰ সুবিধা প্ৰদান কৰে। উপভোক্তাসকলে আলোকৰশ্মি অনুকৰণ আৰু অনুসৰণ কৰা প্ৰযুক্তিৰ সহায়ত দৃশ্যসমূহ অধিক প্ৰাণৱন্ত ৰূপত উপভোগৰ সুযোগ লাভ কৰিব।

Leave A Reply

Your email address will not be published.