যোৰহাটত জিলাখন যদিও ৰেড জ’ন ঘোষণা কৰা হৈছিল তৎসত্তেও দৈনিক বৃদ্ধি পাবলৈ লৈছে কভিড আক্ৰান্তৰ সংখ্যা।যোৱা কেইবাদিনো ধৰি গড়ে দুই শতাধিক লোক সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন। উল্লেখযোগ্য সোমবাৰৰ পৰা দুদিনকৈ সম্পুৰ্ণ লকডাউন ঘোষণা কৰাৰ লগতে জিলাখনৰ হট স্পট ৰূপে পৰিগণিত হোৱা গ্রাম্যাঞ্চলসমূহত আৰক্ষী,চি আৰ পি এফ,এন ডি আৰ এফ বাহিনী তথা স্থানীয় প্ৰশাসনৰ সহযোগত তহল দি সকলোকে কভিড বিধি অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে যোৰহাট শিৱসাগৰ সীমাৱৰ্তী অঞ্চল জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বিভিন্ন যান বাহন ৰখাই সোধা পোচা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে এটা সপ্তাহৰ বাবে অসমৰ সাতঁখনকৈ জিলা ৰেড জ’ন ঘোষণা কৰিছিল অসম চৰকাৰে য’ত যোৰহাট অন্তভূক্ত আছিল আৰু বিগত পাঁচটা দিনে সংক্ৰমণ হাৰ কিছু কমিছে যদিও সাধাৰণ ৰাইজক বিশেষ সতৰ্কতাৰ অৱলম্বন কৰাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা