দেশৰ অগ্ৰণী দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান মেটেল বাইকচ বাজাজে গুৱাহাটীৰ আদাবাৰীত দীনেশ গোস্বামী পথৰ দাঁতিত ( জালুকবাৰী জামে মছজিদৰ বিপৰীত দিশত ) কালি এখন বিপনি মুকলি কৰে । বিপনিখন মুকলি কৰে বাজাজ অটোৰ ( পূব ) উপ সভাপতি কৰণ সিনহাই । এই উপলক্ষে বাজাজ অটোৰ জনসম্পৰ্কৰক্ষী মনোজ গুলোছাই আঁত ধৰা চমু অনুষ্ঠানত কৰণ সিনহাই ভাষণত দেশৰ উঠি অহা নতুন প্ৰজন্মৰ বাবে উপযোগীকৈ বাইক নিৰ্মাণ কৰা হৈছে বুলি ব্যক্ত কৰি দুটা বিশেষ আকৰ্ষণীয় ৰঙত উপলব্ধ হব বুলি সদৰি কৰে । অনুষ্ঠানত বাজাজ অটোৰ ক্ষেত্ৰীয় প্ৰবন্ধক কনিষ্ক বেনাৰ্জী , মেটেল বাইকচ বাজাজৰ প্ৰিন্সিপাল ডীলাৰ তথা স্বত্বাধিকাৰী ৰাজেন্দ্ৰ ৰাজপালকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে এই নতুন পালচাৰ – এফ ২৫০ আৰু পালচাৰ এন ২৫০ ৰ ন্যূনতম মূল্য ১,৪১,৪৫৯ টকা আৰু ১,৪৩,৪৬২ টকাৰ পৰা আৰম্ভ হব ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা