মহানগৰীৰ গড়চুকত অৱস্থিত ডি এ ডেন্স একাডেমীৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাস স্থানীয় সমাজকৰ্মী প্ৰমোদ পাটোৱাৰী, দ্বীপ ডেকা, বিপুল দাস, মতিউৰ ৰহমান আৰু হেলেনা দৈমাৰীৰ প্ৰত্যক্ষ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে বিশ্ব বৰেণ্য শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতিপুৱা ১০ বজাত এক বিশেষ সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত হিন্দু, বৌদ্ধ, ইচলাম, খ্ৰীষ্ট্ৰান আদি বিভিন্ন ধৰ্মৰ যথা ৰীতি অনুযায়ী সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পিছতে আয়তী সকলে নাম কীৰ্তন পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। নাম প্ৰসংগ সামৰণি ৰ পিছত গুৱাহাটী পৌৰ নিগমৰ ২৪ নং মহলাৰ পাৰিষদ বিজু মেধিয়ে এক নাহৰ পুলি ৰোপণ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি সকলৰ লগতে বিভিন্ন ব্যক্তি সকলক নাহৰ পুলি বিতৰণ কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ মাই ভাৰত কেন্দ্ৰ নগাঁৱৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰ,মেৰাকি কিডছ , গড়চুকৰ অধ্যক্ষা পেবম বিনীতা দেৱী, গড়চুক মিলন সংঘৰ সভাপতি দীপক ৰাজবংশী, আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰ আৰু ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী তপন দাস উপস্থিত থাকি শিল্পী জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য বিষয় সামৰি বক্তব্য আগবঢ়ায় । যি সকল ব্যক্তিৰ চূড়ান্ত অৱহেলা আৰু ষড়যন্ত্ৰৰ বলি হৈ শিল্পী সত্ত্বাৰ অকাল মহাপ্ৰয়াণ ঘটিল তাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী জনায়। ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাসে সঞ্চালনা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিল্পী গৰাকীৰ যুগজয়ী সৃষ্টি,”মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি” কণমানি নিমিষা বৰ্মণৰ নেতৃত্বত উপস্থিত সকলোৱে সমূহীয়া ভাৱে পৰিৱেশন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গড়চুকৰ শিক্ষানুষ্ঠান বেথানি স্কুল, এচ বি ও এ স্কুল, মেৰাকি কিডছ আৰু ডি এ ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে হিয়াৰ আমঠু জুবিন গাৰ্গৰ কবিতা পাঠ, বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ লগতে শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সহস্ৰাধিক ব্যক্তি উপস্থিত থাকি জুবিন গাৰ্গ অমৰ হওঁক ধ্বনিৰে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হয় আৰু চৰকাৰৰ ওচৰত ন্যায়ৰ দাবী জনায়।
Trending
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন
- কৃষি বিজ্ঞান কেন্দ্ৰত ‘কাজিনেমু’ৰ ৰপ্তানি বিষয়ক সজাগতা মূলক সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী