আধুনিকতাৰ ধামখমীয়াত একাংশ নৱপ্ৰজন্মই অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত সম্পদৰাজিৰ পৰা বহুদূৰ ফালৰি কাটি যোৱাৰ সময়তে সোণাৰি লংপতীয়া জুতুলনী গাঁৱৰ এজন যুৱ শিল্পী চৰ্চালৈ আহিছে। মানৱজ্যোতি বৰুৱা নামৰ যুৱ শিল্পীজনে অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত পেঁপা,গগণা,সুতুলি,ঢোলৰ মাৰি,কাকৈ ফনী,টকা,নেগেৰা মাৰি প্ৰস্তুত কৰে।সোণাৰি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ মানৱজ্যোতিৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত মানৱজ্যোতিয়ে কয় যে মোৰ দাদা বিহুৱা আছিল।প্ৰথমে তেওঁৰ পৰাই শুনি শুনি বজাবলৈ চেষ্টা কৰিছিলো।এইক্ষেত্ৰত আন এজন দাদা নীতু শইকীয়াই গগণা,পেঁপা বনাবলৈ শিকাইছিল।ইয়াৰ উপৰিও ২০১৮ চনৰ জুলাই মাহত দ্বীজেন গগৈৰ পৰা সাতদিনীয়া প্ৰশিক্ষণ গ্রহণ কৰিছিলো।তেওঁৰ অনুপ্ৰেৰণাতে লোকবাদ্য বনোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।উল্লেখযোগ্য যে মানৱজ্যোতিয়ে লোকবাদ্য সমূহ বনোৱাৰ লগতে বিক্রী কৰে।মানৱজ্যোতিৰ এনে কৰ্মৰ বাবে হাজাৰ জনে শলাগ লৈছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন