মাহমৰাৰ গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী আৰম্ভ

0 63

অসম হকীৰ তত্ত্বাৱধানত চৰাইদেউ জিলাৰ মাহমৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৪ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মহিলাৰ হকী চেম্পিয়নশ্বিপ।মঙলবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে।এই অনুষ্ঠানত উপস্থিত থাকে অসম হকীৰ সম্পাদক তপন দাস,মহমৰা ক্ৰীড়া সন্থাৰ সভাপতি লোকনাথ কোঁৱৰ,সাধাৰণ সম্পাদক মণ্টু কোঁৱৰ,উপদেষ্টা প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ অনিল বৰগোহাঁইকে ধৰি বহু বিশিষ্ট লোক।ভাষণ প্ৰসংগত মন্ত্ৰী যোগেন মহনে কয় যে বৃহত্তৰ মাহমৰা অঞ্চলত হকীৰ দৰে খেলৰ প্ৰচলন কৰাৰ বাবেই এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।ভাষণ প্ৰসংগত বিশিষ্ট হকী সংগঠক তপন দাসে মাহমৰাৰ দৰে অঞ্চলত ফ্লাড লাইট যুক্ত আকৰ্ষণীয় ষ্টেডিয়াম দেখি অভিভূত হৈ পৰে আৰু ভবিষ্যতে গৰৈমাৰী ষ্টেডিয়ামত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

প্ৰতিযোগিতাৰ উদ্ধোধনী মেচত ঘৰুৱা দল চৰাইদেউৱে ৩-০ গ’লত পৰাস্ত কৰে ধেমাজিক । গ’ল কেইটা দিয়ে লক্ষীমণি কৰ্মকাৰ, পূজা গোৱালা আৰু বেগম আখতাৰ জাহানে ।
আনবোৰ মেচৰ ভিতৰত শিৱসাগৰে তিনিচুকীয়াক ৩-১, বঙাইগাঁৱে হোজাইক ২-০, শদিয়াই হাইলাকান্দিক ৩-১, গুৱাহাটীয়ে তেজপুৰক ১-০ আৰু নগাঁৱে লখিমপুৰক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । মুঠ ১৬ টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ বাবে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই বিশেষ উদ্যোগ গ্ৰহণ কৰি অত্যন্ত কম সময়ৰ ভিতৰতে ডিমা হাছাও দলটো গঢ়ি তুলিছে । ৩০ মে’, শুকুৰবাৰে বঁটা বিতৰণী অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব তথা অসম এথলেটিকছ সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামী, ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং উপস্থিত থকাৰ কথা ।

Leave A Reply

Your email address will not be published.