অসম মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ লংচাইত আজি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই স্থানীয় জনসাধাৰণৰ লগত ঘৰুৱা ভাবেই দিনতো অতিবাহিত কৰিলে। সীমান্তবৰ্তী এলেকাটোৰ জনজাতীয় ৰাইজৰ লগত ঘৰুৱাভাৱে বিভিন্ন ধৰণৰ আলোচনা কৰাৰ উপৰি ৰাইজৰ লগত এসাঁজ খায়। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এনে কামত সীমান্তবৰ্তী ৰাইজে সন্তুষ্টি লাভ কৰাৰ উপৰি স্বাধীনতাৰ পূৰ্বতে কোনো বিধায়কে এনদৰে ৰাইজৰ লগত জড়িত হোৱা নাই বুলি কেবাগৰাকী স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। ইফালে বিধায়ক কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান অনুসৰি চৰকাৰৰ দ্বাৰা ঘোষিত “পিতৃ-মাতৃ, শহুৰ-শাহুৰ লগত থকা” আঁচনিৰ প্ৰতি সন্মান জনাই তেৱোঁ পিতৃ-মাতৃ, শহুৰ-শাহুৰ নথকা বাবে সমষ্টিৰ লংচাইত থকা জ্যেষ্ঠ সকলৰ লগত দিনতো অতিবাহিত কৰা বুলি সদৰী কৰে। আনহাতে বিধায়ক কলিতাই সাংবাদিকৰে হোৱা বাৰ্তালাপত পশ্চিম গুৱাহাটী সমষ্টিৰ জ্যেষ্ঠ সকলক তেওঁৰ পিতৃ-মাতৃ, শহুৰ-শাহু জ্ঞান কৰি তেওঁলোকৰ লগত আলোচনা কৰি দিহা-পৰামৰ্শ লৈ থাকিব বুলিও সদৰী কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি