মৌলানা মহম্মদ তৈয়াবুল্লাহ হকী ষ্টেডিয়ামত আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতা আৰম্ভ

0 193

ভেটাপাৰাৰ মহম্মদ তৈয়াবুল্লাহ হকী ষ্টেডিয়ামত আন্তঃজিলা স্কুল ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়াবুল্লাহ হকী ষ্টেডিয়ামত ১৮ আগষ্ট পৰা ২০ আগষ্ট ২০২২ তাৰিখলৈ আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতা (অনুৰ্ধ-১৭ উভয়ে) আৰম্ভ হয়।
প্ৰতিযোগিতাখন অসম হকী সন্থাৰ সম্পাদক তপন দাসে উদ্ধোধন কৰে। লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ, অসমৰ সচিব গীতাৰ্থ গোস্বামী মুখ্য অতিথি ৰূপে উপস্থিত থাকি যুৱ খেলুৱৈসকলক উৎসাহ দিয়ে।
উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ বিজয়ী দলটোৱে পোনেপোনে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব লগা নেহেৰু হকী চেম্পিয়নশ্বিপত ভাগ ল’ব পাৰিব বুলি সম্পাদক তপন দাসে জানিবলৈ দিয়ে। শেষত, সম্পাদক গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ক্ৰীড়াৰ ক্ষেত্ৰ লোৱা এই উল্লেখনীয় প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.