চলিত ২০২০- ২১ বিত্তীয় বর্ষ শেষ হ`বলৈ মাজতে মাত্ৰ এটা সপ্তাহ বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ আমিনগাঁওস্থিত কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে জিলাখনত পঞ্জীয়নভুক্ত ব্যক্তিগত আৰু ব্যৱসায়ীকসহ সকলো যান বাহনৰ গৰাকীক অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ, বকেয়া কৰ আদায় দিবলৈ অনুৰোধ জনায় জাননী জাৰি কৰিছে। জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই জানিবলৈ দিয়া মতে যান বাহনৰ যিসকল গৰাকীয়ে বিভাগক দিবলগীয়া বকেয়াসহ যাবতীয় কৰ আদায় দিয়া নাই , তেওঁলোকৰ লগতে পঞ্জীয়ন পত্ৰ নবীকৰণ , সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ আৰু গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । আনকি এই সন্দৰ্ভত গোহাঁৰি যোগে জাননী জাৰি কৰা হৈছে । গৰাকী সকলে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি পৰিবহন আয়ুক্তৰ নিৰ্দেশ মৰ্মে কৰ আদায়ৰ সুবিধাৰ বাবে অহা ৩১ মাৰ্চলৈ বিৰতিবিহীন ভাবে দৈনিক কাৰ্যালয় খোলা থাকিব । কলিতাই সদৰি কৰা অনুসৰি বিভাগৰ ফালৰ পৰা কামৰূপ জিলাৰ বাবে ৪০.৭১ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু চলিত বিত্তীয় বর্ষৰ প্ৰথম ছয়টা মাহ কভিড মহামাৰীৰ বাবে পৰিবহন খণ্ডত পৰা নেতিবাচক প্ৰভাৱৰ বাবে আশা কৰা ধৰণে ৰাজহ সংগ্ৰহ কৰিব পৰা হোৱা নাই । কিন্ত প্ৰৱৰ্তক পৰিদর্শক , যান বাহন পৰিদর্শকে ধৰি কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত ২২ মাৰ্চ পৰ্যন্ত প্ৰায় ২৭.৪২ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে । ইয়াৰ সক্ষমতাৰ হাৰ হল ৬৭.৩৪ শতাংশ । অৱশ্যে অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ আদায় নিদিলে এক এপ্ৰিলৰ পাছত কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে ৰাজপথত পৰিবহন বিভাগে পুনৰ বিশেষ অভিযান আৰম্ভ কৰিব। অভিযানত কৰ আদায় নিদিয়া বাহনৰ পৰা মটৰ পৰিবহন আইনৰ অধীনত জৰিমনা সংগ্ৰহ কৰা হব। ইতিমধ্যে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা যান বাহনৰ গৰাকী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ ৰঙিয়া , বাইহাটা চাৰিআলি , চাংসাৰি , হাজো , আমিনগাঁও , মিৰ্জা , ছয়গাঁও , বকোকে ধৰি গুৰুত্বপূৰ্ণ স্থান সমূহত “যান বাহনৰ কৰ পৰিশোধ কৰক পৰিবহন ব্যৱস্থা সুচল কৰক” বাণীৰে সজাগতা অভিযান চলায় আছে । অভিযানৰ সময়ত যান বাহন পৰিদর্শক আৰু প্ৰৱৰ্তক পৰিদর্শকৰ দলে চালকৰ জৰিয়তে যান বাহনৰ গৰাকী সকলক যাবতীয় তথা বকেয়া কৰ আদায় দিবলৈ আহ্বান জনাইছে।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান