চলিত ২০২০- ২১ বিত্তীয় বর্ষ শেষ হ`বলৈ মাজতে মাত্ৰ এটা সপ্তাহ বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ আমিনগাঁওস্থিত কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে জিলাখনত পঞ্জীয়নভুক্ত ব্যক্তিগত আৰু ব্যৱসায়ীকসহ সকলো যান বাহনৰ গৰাকীক অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ, বকেয়া কৰ আদায় দিবলৈ অনুৰোধ জনায় জাননী জাৰি কৰিছে। জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই জানিবলৈ দিয়া মতে যান বাহনৰ যিসকল গৰাকীয়ে বিভাগক দিবলগীয়া বকেয়াসহ যাবতীয় কৰ আদায় দিয়া নাই , তেওঁলোকৰ লগতে পঞ্জীয়ন পত্ৰ নবীকৰণ , সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ আৰু গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । আনকি এই সন্দৰ্ভত গোহাঁৰি যোগে জাননী জাৰি কৰা হৈছে । গৰাকী সকলে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি পৰিবহন আয়ুক্তৰ নিৰ্দেশ মৰ্মে কৰ আদায়ৰ সুবিধাৰ বাবে অহা ৩১ মাৰ্চলৈ বিৰতিবিহীন ভাবে দৈনিক কাৰ্যালয় খোলা থাকিব । কলিতাই সদৰি কৰা অনুসৰি বিভাগৰ ফালৰ পৰা কামৰূপ জিলাৰ বাবে ৪০.৭১ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু চলিত বিত্তীয় বর্ষৰ প্ৰথম ছয়টা মাহ কভিড মহামাৰীৰ বাবে পৰিবহন খণ্ডত পৰা নেতিবাচক প্ৰভাৱৰ বাবে আশা কৰা ধৰণে ৰাজহ সংগ্ৰহ কৰিব পৰা হোৱা নাই । কিন্ত প্ৰৱৰ্তক পৰিদর্শক , যান বাহন পৰিদর্শকে ধৰি কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত ২২ মাৰ্চ পৰ্যন্ত প্ৰায় ২৭.৪২ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে । ইয়াৰ সক্ষমতাৰ হাৰ হল ৬৭.৩৪ শতাংশ । অৱশ্যে অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ আদায় নিদিলে এক এপ্ৰিলৰ পাছত কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে ৰাজপথত পৰিবহন বিভাগে পুনৰ বিশেষ অভিযান আৰম্ভ কৰিব। অভিযানত কৰ আদায় নিদিয়া বাহনৰ পৰা মটৰ পৰিবহন আইনৰ অধীনত জৰিমনা সংগ্ৰহ কৰা হব। ইতিমধ্যে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা যান বাহনৰ গৰাকী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ ৰঙিয়া , বাইহাটা চাৰিআলি , চাংসাৰি , হাজো , আমিনগাঁও , মিৰ্জা , ছয়গাঁও , বকোকে ধৰি গুৰুত্বপূৰ্ণ স্থান সমূহত “যান বাহনৰ কৰ পৰিশোধ কৰক পৰিবহন ব্যৱস্থা সুচল কৰক” বাণীৰে সজাগতা অভিযান চলায় আছে । অভিযানৰ সময়ত যান বাহন পৰিদর্শক আৰু প্ৰৱৰ্তক পৰিদর্শকৰ দলে চালকৰ জৰিয়তে যান বাহনৰ গৰাকী সকলক যাবতীয় তথা বকেয়া কৰ আদায় দিবলৈ আহ্বান জনাইছে।
Trending
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন
- কৃষি বিজ্ঞান কেন্দ্ৰত ‘কাজিনেমু’ৰ ৰপ্তানি বিষয়ক সজাগতা মূলক সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী