লকডাউনৰ প্ৰভাৱ : নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য পৰিস্ফূট হৈছে দ্বীপৰ বিলৰ পৰা ৰাণী পশ্চিম গুৱাহাটীৰ অঞ্চললৈ

0 232

ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা ৰাজ্যত চলি থকা লক ডাউনে ইতিমধ্যে চাৰে তিনিমাহ অতিক্ৰম কৰিছে। এই সময়ছোৱাত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰাৰ লগতে সামাজিক অৰ্থনৈতিক দিশত বিশ্বজুৰি নেতিবাচক প্ৰভাব পৰিছে।
 
 
 
অৱশ্যে বহুতো ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিলেও প্ৰকৃতি আৰু পৰিবেশৰ ক্ষেত্ৰখনত লকডাউনৰ ইতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ লকডাউনৰ বাবে প্ৰায় ৯০ শতাংশ যান বাহনৰ চলাচল বন্ধ থকাত স্বাভাৱিকতে যান বাহনৰ পৰা নিৰ্গত হোৱা ধোৱা, ধুলি সৃষ্ট প্ৰদূষণ বহুখিনি কমি গৈছে। যাৰ ফলত এইবাৰ প্ৰকৃতিয়ে নিজ সৌন্দৰ্যৰে উজলি উঠা পৰিলক্ষিত হৈছে।
 
 
আনটো বাদেই গুৱাহাটীৰ দক্ষিণ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ পৰা ৰাণীলৈ পশ্চিম গুৱাহাটীৰ এক বিস্তৃৰ্ণ অঞ্চল নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যই পোহা মেলিছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ বিশিষ্ট কবি চবিন চন্দ্ৰ নাথকে ধৰি কেইবাগৰাকী প্ৰকৃতি সংৰক্ষণ লগত জড়িত লোকে জানিবলৈ দিয়া মতে দ্বীপৰ বিলৰ পৰা ৰাণীৰ অসম মেঘালয় সীমান্তৰ শুকুৰবেৰীয়ালৈকে বৃহত্তৰ অসমীয়া অঞ্চলটোত এতিয়া কোনোবা আহিলে চিলং, ছেৰাপুঞ্জী, হাফলংৰ দৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব।
 
 
কিন্তু লকডাউনৰ বাবে প্ৰকৃতিয়ে হাতবাউলি মাতিলেও এতিয়া সৌন্দৰ্য উপভোগ কৰিবলৈ কোনো নাই। ইফালে বনবিভাগৰ ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনেও স্বমহিমাৰে পৰিস্ফুট হোৱাটো স্বীকাৰ কৰি ৰাণী বনাঞ্চলৰ সৌন্দৰ্যই চিলং, চেৰাপুঞ্জী আদিৰ দৰে হৈ পৰা বুলি সদৰি কৰে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.