লক্ষ্মী পূজাৰ কিছু তথ্য

0 338

আজি সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা।এই পূজা পূৰ্ণিমা তিথিত উদযাপিত হয়।জনবিশ্বাস অনুসৰি লক্ষ্মী দেৱী সন্তুষ্ট হ’লে ধন ধান, আয়ৰ শ্ৰীবৃদ্ধি হয়।সাধাৰণতে সূৰ্য্য অস্ত যোৱাৰ ২ঘন্টাৰ পিছত অৰ্থাৎ সন্ধ্যা বেলিকা পূজা ভাগ হয় ।গুৱা পান,দূৰবি,নাৰ্জীফুল,পদুমফুল,তুলসী,সেন্দুৰ,কল,বেলপাত,ভোগ,নানা ধৰণৰ উপাচাৰে লক্ষ্মীদেৱীক পূজা সেৱা আগবঢ়ায় ।ঠাই বিশেষে লক্ষ্মী পূজাৰ নিয়ম ভিন্ন হয়।লক্ষ্মী দেৱীয়ে চাফ চিকুনতাৰ আৰু শান্তিময় পৰিবেশ পছন্দ কৰে।সেয়ে এই পূজা যথেষ্ট শৃংখলা বজাই কৰা হয়।ঘৰখন সুন্দৰকৈ সজাই পৰাই তোলা হয়।লক্ষ্মী দেৱীৰ প্ৰিয় ৰং ৰঙা আৰু হালধীয়া ।ভক্তসকলৰ বিশ্বাস যে পূজাৰ সময়ত ৰঙা আৰু হালধীয়া ৰং পৰিধান কৰিলে লক্ষ্মী দেৱী সহজতে প্ৰসন্ন হয়।সদৌ শেষত লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো, সকলোৰে মংগল কামনা কৰিলো।

Leave A Reply

Your email address will not be published.