লক ডাউনৰ সময়ছোৱাত বিক্ৰীৰ অভিলেখ গঢ়িলে এইবিধ খাদ্যই

0 184

ক’ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰা হৈছে ৷ এই লকডাউনৰ সময়ছোৱাত বহুতে ইউটিউব চাই বিভিন্ন খাদ্যসামগ্ৰী ৰন্ধাৰ বাবে প্ৰয়াস কৰিলে বা শিকিলে৷
 
 
 
কিন্তু অনলাইনত অৰ্ডাৰ কৰি খোৱাসকলে বিৰিয়ানীক প্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে ৷ অনলাইন ফুড ডেলিভাৰি ছুইগী,দা কোৱাৰাইণ্টাইন এডিচন শীৰ্ষক এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ৷ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত ৫·৫ লাখ মানুহে বিৰিয়ানী অৰ্ডাৰ কৰিছে ৷ বিৰিয়ানীৰ পিছতে দ্বিতীয় স্থানত আছে বাটাৰ নান,তৃতীয় স্থানত আছে মছলা দোচা৷ উল্লেখযোগ্য যে সুস্বাদু খাদ্যৰ তালিকাৰ ভিতৰত বিৰিয়ানীৰ এক বিশেষ নাম আছে৷

Leave A Reply

Your email address will not be published.