লখিমপুৰ জিলা দিৱস উপলক্ষত ঢকুৱাখনাত দৃষ্টিনন্দন শোভাযাত্ৰা

0 477

লখিমপুৰ জিলাই ২অক্টোবৰৰ দিনটোত গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰাৰ মাহেন্দ্ৰ ক্ষণত জিলাখনৰ অন্তৰ্গত ঢকুৱাখনা মহকুমা সদৰত পৰিবেশ নিকাকৰণৰ এক অভিযান চলাই ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটে । দেওবাৰে পুৱা এন এছ এছ গোটৰ সমন্বয়ক অধ্যাপক তবেন্দ্ৰ নাথ দাসৰ নেতৃত্বত শিক্ষানুষ্ঠানখনৰ অৰ্ধ শতাধিক এন এছ এছ গোটৰ সদস্যই হাতে হাতে ঝাড়ুলৈ মহাবিদ্যালয় চৌহদৰ পৰা আৰম্ভ কৰে এই ঢকুৱাখনা পৰিষ্কৰণ অভিযান । মহাবিদ্যালয়ৰ সমসাজ পৰিধান কৰি শিক্ষাৰ্থী সকলে ঢকুৱাখনা ব্লক চাৰি আলি ,ইনড’ৰ ষ্টেডিয়াম ,ঢকুৱাখনা সদৰ ,ৱে চৰকাৰী বাছ আস্থান , চাৰিকড়িয়া নদীৰ অৱবাহিকা , গান্ধী ময়দান এলেকা আদি বিস্তীৰ্ণ এলেকাত পৰিস্কৰণ অভিযান চলাই ৰাজপথ ,বিভিন্ন এলেকাত পৰি ৰোৱা জাৱৰ ,পলিথিন ,বটল আদি একত্ৰিত কৰি পৌৰ সভাৰ বাহনৰ জৰিয়তে ডাম্পিং গ্ৰাউণ্ডলৈ নিয়াৰ ব্যৱস্থা কৰে । ইয়াৰ পাছতে মহামানব মহাত্মা গান্ধীৰ পবিত্ৰ জন্মদিনৰ উপলক্ষত এন এছ এছ গোটৰ সদস্য সকলে নগৰৰ মাজ মজিয়াত অৱস্থিত গান্ধীৰ প্ৰতিমূৰ্তিত ধূপ বন্তি জ্বলাই মাল্যপৰ্ণ কৰে । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ   উদ্যোগতো জিলা দিৱস উপলক্ষত ঢকুৱাখনা নগৰখন নিকাকৰণ কৰি  ঢকুৱাখনা উন্নয়ন খণ্ড, ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু পৌৰ সভাৰ যুটীয়া উদ্যোগত উলিওৱা হয় এক দৃষ্টিনন্দন শোভাযাত্ৰা । ঢকুৱাখনা উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনৰ পৰা বাহিৰ হোৱা এই শোভাযাত্ৰাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে,পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা ,বিডিঅ গৌৰাংগ  দত্তই নেতৃত্ব দিয়ে। শতাধিক ৰাইজৰ সহযোগিতাত বাহিৰ হোৱা দৃষ্টিনন্দন  শোভাযাত্ৰাই নগৰাঞ্চল পৰিভ্ৰমণ কৰি জিলা দিৱস উদযাপন কৰে । ইয়াৰ পাছতে প্ৰশাসনীয় বিষয়া সকল ,জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ঢকুৱাখনা অতিৰিক্ত আৱৰ্ত ভৱনৰ নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰে বিধায়ক নৱ দলেয়ে । তাৰোপৰি জিলা দিৱসৰ সতে সংগতি ৰাখি ঢকুৱাখনা দৈনিক বজাৰত এপাৰ্টৰ অৰ্থ সাহাৰ্য নিৰ্মিত হব লগীয়া বজাৰ গৃহৰো আধাৰশিলা স্থাপন কৰে বিধায়ক দলেয়ে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.