কংগ্ৰেছ চৰকাৰে হে সূতা কম্বলৰ ৰাজনীতি কৰে। ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিয়ে কেতিয়াও জনসাধাৰণক প্ৰলোভিত ৰাজনীতি নকৰে। দেশৰ বিকাশৰ স্বাৰ্থত অৰ্থনৈতিক উন্নয়নত ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিয়ে গুৰুত্ব দিয়ে । এই দৰে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুৰ্পণ বৰুৱাই মন্তব্য প্ৰদান কৰে । বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ইকৰাতলী ন’ ৰামধেনু শিল্পী সংঘৰ সৌজন্যত আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত বিধায়ক ঋতুৰ্পণ বৰুৱাই কয় দেশৰ পৰিবৰ্তনৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী পুনৰ শাসনত অধিষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰে। বিজেপি নেতৃত্বধীন চৰকাৰখনে অসমৰ সমাজ জীৱনত ৰূপায়ন কৰা বিভিন্ন আঁচনি উল্লেখ কৰি ডিব্ৰুগড় লোকসভাৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৰামেশ্বৰ তেলীক ভোট দিবলৈ লাহোৱালৰ বিধায়ক ঋতুৰ্পণ বৰুৱাই আহ্বান জনাই। ফুকনৰ খাত পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য দীপেন গগৈয়ে আঁত ধৰা নিৰ্বাচনী সভাখনত আদৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট সমাজ সেৱক অজয় গগৈয়ে । কেইবা শতাধিক ৰাইজে অংশ গ্ৰহণ কৰা সভাখনত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি তথা ন-বিজেপি যুৱনেতা যুগল বৰুৱা, লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকা, সম্পাদকদ্বয় কুমুদ দত্ত আৰু ঋতুৰাজ দত্ত, বিজেপি জ্যেষ্ঠ নেতা পদ্ম গগৈ, সুশীল তাছা, মোহনবাৰী আৰু লাহোৱাল জিলা পৰিষদৰ সদস্যা ৰাণু গগৈ, হেমপ্ৰভা তাছা , অবিবি মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক ভাইটি গগৈ উপস্থিত থাকে।খবৰ যুগুতালে তপন গগৈয়ে..
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা