জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ সপ্তমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত কালি গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । আৰম্ভণিতে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ উপেন্দ্ৰ নাথ শৰ্মা আৰু বিস্ময় আলোচনীৰ স্ৰষ্টা শশী ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণী সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । বৈঠকৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে ৰুণুমী নাথে। ডঃ অপৰ্ণা গোস্বামীয়ে শ্ৰীমন্ত শঙ্কৰ দেৱৰ সাংস্কৃতিক সত্তাৰ ওপৰত আলোকপাত কৰে।কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা শাখাৰ উপদেষ্টা নন্দিতা চলিহাই শঙ্কৰদেৱৰ প্ৰতিভাই অসমীয়া সমাজত দিয়া অৱদানৰ ওপৰত সুন্দৰ বাখ্যা দাঙি ধৰে। স্ব ৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰে। স্ব ৰচিত কবিতা পাঠ কৰে অনিমা নাথ, প্ৰণতি পাটোৱাৰী কলিতা, অঞ্জু শইকীয়া দত্তই । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা তথা শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডঃ লীলাৱতী শইকীয়া বৰাই ধ্ৰুপদী ভাষাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।বক্তব্য ৰাখে প্ৰাক্তন সভানেত্ৰী ৰীতা শৰ্মা, উপদেষ্টা ডঃ অপৰাজিতা বৰকটকী, ডঃ বীণা লহকৰে । সভাত গীত পৰিৱেশন কৰে ৰঞ্জিতা ভট্টাচাৰ্যই।শেষত শলাগৰ শৰাই আগবঢ়াই ডঃ অপৰ্ণা গোস্বামীয়ে।
Trending
- ব’হাগত বিহুৰ মঞ্চত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতা অব্যাহত
- বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ হ’ব দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গ
- অসম সাহিত্য সভাৰ ‘যুৱ সংসদ’ উপ-সভাপতি মনোনীত বিশিষ্ট সাহিত্যিক, লেখক, সাংবাদিক মন্টু শইকীয়াক
- অসম সহ উত্তৰ পূবৰ তিনিখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু এন ডি আৰ এফৰ ১৮ টা দলৰ ৫৫০ জন প্ৰশিক্ষিত উদ্ধাৰকাৰী
- কামৰূপ(ম)ত বেলট বাকচ আৰু পলিং বিষয়াৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- এয়াৰটেলে আন্তঃৰাষ্ট্ৰীয় ৰোমিং অভিজ্ঞতা সংস্কাৰৰ নতুন পৰিকল্পনা ঘোষণা
- NSE Stands in Solidarity with the Victims of the Pahalgam Terror Attack- Pledges Support
- ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাথাৰখামাৰ বাৰেগাঁৱত ৰাভা জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন
- OIL Pragyan Super 30 Shines Again: Students Successfully Qualify JEE Mains 2025
- উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান মনোজ যাদৱে