জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ সপ্তমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত কালি গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । আৰম্ভণিতে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডঃ উপেন্দ্ৰ নাথ শৰ্মা আৰু বিস্ময় আলোচনীৰ স্ৰষ্টা শশী ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণী সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । বৈঠকৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে ৰুণুমী নাথে। ডঃ অপৰ্ণা গোস্বামীয়ে শ্ৰীমন্ত শঙ্কৰ দেৱৰ সাংস্কৃতিক সত্তাৰ ওপৰত আলোকপাত কৰে।কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা শাখাৰ উপদেষ্টা নন্দিতা চলিহাই শঙ্কৰদেৱৰ প্ৰতিভাই অসমীয়া সমাজত দিয়া অৱদানৰ ওপৰত সুন্দৰ বাখ্যা দাঙি ধৰে। স্ব ৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰে। স্ব ৰচিত কবিতা পাঠ কৰে অনিমা নাথ, প্ৰণতি পাটোৱাৰী কলিতা, অঞ্জু শইকীয়া দত্তই । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা তথা শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ডঃ লীলাৱতী শইকীয়া বৰাই ধ্ৰুপদী ভাষাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।বক্তব্য ৰাখে প্ৰাক্তন সভানেত্ৰী ৰীতা শৰ্মা, উপদেষ্টা ডঃ অপৰাজিতা বৰকটকী, ডঃ বীণা লহকৰে । সভাত গীত পৰিৱেশন কৰে ৰঞ্জিতা ভট্টাচাৰ্যই।শেষত শলাগৰ শৰাই আগবঢ়াই ডঃ অপৰ্ণা গোস্বামীয়ে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী