শিৱসাগৰত আদৰ্শ পুষ্টি গাঁও স্থাপন

0 307

শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্রৰ যৌথ উদ্যোগত তথা সংহত শিশু উন্নয়ন প্ৰকল্প, শিৱসাগৰ (গ্ৰাম্য) -ৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ-২০২০ উদযাপনৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৩০ ছেপ্টেম্বৰত ৬৫১ নং দৰিকা কিনাৰ প্ৰাথমিক বিদ্যালয়ত আদর্শ পুষ্টি গাঁও স্থাপন আৰু ২ নং ভাধৰা অঙ্গনবাদী কেন্দ্ৰৰ চৌহদত পুষ্টি বাগান উদ্বোধনৰ লগতে এখনি সজাগতা সভা অনুষ্ঠিত হয়। এগছি বন্তি প্ৰজ্বলনেৰে পুষ্টি বাগান খনিৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে।
 
 
এই উপলক্ষে খেলুৱা গাঁও পঞ্চায়তৰ সভাপতি শশী লাহনৰ সভাপতিত্বত অনুষ্ঠিত এখনি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে বজাৰত উপলব্ধ বিভিন্ন ৰাসায়নিক সাৰ দৰৱ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলি, ফল মূল কিনি খোৱাৰ প্ৰৱণতা পৰিহাৰ কৰি সকলোকে নিজৰ ঘৰৰ বাৰীত হাততে পোৱা বিভিন্ন পুষ্টিদায়ক শস্য উৎপাদনত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
 
শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ প্ৰদীপ সন্দিকৈয়ে সভাত অংশগ্ৰহণ কৰি কয় যে এই আদর্শ পুষ্টি গাঁও নিৰ্মাণ এক প্ৰতীকী ৰূপেহে লোৱা হৈছে। পৰৱৰ্তী সময়ত বহল পৰিসৰত পুষ্টি গাঁও নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা তেওঁ ব্যক্ত কৰে।এই অনুষ্ঠানতে কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ জৰিয়তে আদৰ্শ পুষ্টি গাঁও নিৰ্মাণৰ বাবে বাচনি কৰি উলিওৱা ১০ টাকৈ পৰিয়াললৈ বিভিন্ন শস্যৰ বীজ বিতৰণ কৰা হয়।
 
সভাত জিলা সমাজ কল্যাণ বিষয়া দীপালী দেৱী, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডঃ তচলিমা বেগম, ডঃ শুভাশ্ৰী দিহিঙীয়া, ডঃ অৰুন্ধতী বৰদলৈ প্ৰমুখ্যে ৬৫১ নং দৰিকা কিনাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সংহত শিশু উন্নয়ন প্ৰকল্প, শিৱসাগৰ (গ্ৰাম্য) -ৰ মুখ্য সেৱিকা, অঙ্গনবাদী কৰ্মী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.